ম্যানমাৰৰ সামৰিক বাহিনীয়ে অঙ্গ ছান ছ্যু কীক আটক কৰাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিক্ৰিয়া

White House

যুক্তৰাষ্ট্ৰই কালি ম্যানমাৰৰ সেনাবাহিনীক শাসকীয় নেত্ৰী অঙ্গ ছান ছ্যু কীসহ আটক কৰা কৰ্মকৰ্তাসকলক মুক্তি দিবলৈ আহ্বান জনায় । লগতে অভ্যুত্থানৰ বিষয়ত ৱাছিংটনে প্ৰত্যুত্তৰ দিব বুলিও সতৰ্ক কৰে ।

নৱেম্বৰৰ নিৰ্বাচনত জালিয়াতিৰ অভিযোগত সেনা আৰু অসামৰিক চৰকাৰৰ মাজত বিগত কিছু সপ্তাহ ধৰি বৰ্ধিত উত্তেজনাৰ পাছত ছু ছ্যি আৰু দেশৰ ৰাষ্ট্ৰপতিক সেনা বাহিনীৰ জিম্মাত লোৱা হয় ।

হোৱাইট হাউচৰ মুখপাত্ৰ জেন ছাকিয়ে এক বিবৃতিত জনায়, ‘সাম্প্ৰতিক নিৰ্বাচনৰ ফলাফল পৰিৱৰ্তন কৰিবলৈ বা ম্যানমাৰৰ গণতান্ত্ৰিক উত্তৰণত বাধা প্ৰদানৰ দৰে যিকোনো প্ৰয়াসৰ যুক্তৰাষ্ট্ৰই বিৰোধিতা কৰিছে আৰু এই পদক্ষেপ প্ৰত্যাহাৰ নকৰিলে দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।’

তেওঁ লগতে কয়, ‘আমি সামৰিক আৰু অন্যান্য দলসমূহক গণতান্ত্ৰিক নীতি আৰু আইনৰ শাসন মানি চলিবলৈ আৰু আজি আটককৃতসকলক মুক্তি দিবলৈ আহ্বান জনাইছো ।’

Exit mobile version