দেশজুৰি হোৱা প্ৰতিবাদৰ বাবে ভাৰতৰ স’তে বন্দৰ চুক্তি বাতিল কৰিলে শ্ৰীলংকাই

Colombo Port Sri Lanka e1612334246889

দেশজুৰি হোৱা প্ৰবল প্ৰতিবাদৰ বাবে ভাৰতৰ স’তে বন্দৰ টাৰ্মিনেল গঢ়াৰ চুক্তি বাতিল কৰিলে শ্ৰীলংকাই । বন্দৰটো বেচৰকাৰীকৰণৰ বিৰুদ্ধে বহুদিন ধৰি প্ৰতিবাদ হৈ আছিল শ্ৰীলংকাত । সেয়ে চূড়ান্ত চুক্তি বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে মহিন্দা ৰাজপক্ষ চৰকাৰে । সেই বন্দৰত আদানি গ্ৰুপে বিনিয়োগ কৰিবলগীয়া আছিল ।

২০১৯ত কলম্ব’ বন্দৰৰ পূৱ প্ৰান্তত এটা টাৰ্মিনেল গঢ়িবলৈ ভাৰত আৰু জাপানৰ স’তে শ্ৰীলংকাৰ চুক্তি হয় । টাৰ্মিনেলৰ ৪৯ শতাংশ মালিকীস্বত্ব ভাৰত আৰু জাপানৰ হাতত থাকিব আৰু বাকী ৫১ শতাংশ শ্ৰীলংকাৰ হাতত থাকিব বুলি সিদ্ধান্ত লোৱা হৈছিল ।

কিন্তু বন্দৰৰ বেচৰকাৰীকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰীলংকাৰ ২৩ টা শ্ৰমিক সংগঠন আৰু বিৰোধী দলে । টাৰ্মিনেলৰ এশ শতাংশ মালিকীস্বত্বই বন্দৰ কৰ্তৃপক্ষৰ হাতত থাকিব লাগিব বুলি দাবী জনোৱা হৈছে । এনে পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰপতি গটাবায়া ৰাজপক্ষও আগবাঢ়ি আহিবলগীয়া হয় । তেওঁ কয়, সমুদ্ৰপথত বিদেশৰ পৰা আমদানিকৃত পণ্য কলম্ব’ হৈ ভাৰতলৈ প্ৰেৰণ কৰা হয় । সেয়ে চুক্তি বাতিল হ’লে বহুত ক্ষতি হ’ব ।

কিন্তু ৰাষ্ট্ৰপতিৰ বাৰ্তাও পৰিৱৰ্তন কৰিব পাৰে বিক্ষোভকাৰীসকলে । শ্ৰীলংকাৰ সাধাৰণ লোকেও এই প্ৰতিবাদত যোগ দিয়ে । ৰাজপক্ষ চৰকাৰৰ বহু মন্ত্ৰী আমোলেও এই বেচৰকাৰীকৰণৰ বিৰুদ্ধে মাত মাতে । সেয়ে চুক্তি বাতিল কৰিবলৈ বাধ্য হয় শ্ৰীলংকাৰ চৰকাৰ‌ ।

শ্ৰীলংকাৰ এই সিদ্ধান্তৰ ফলত ভাৰতে কূটনৈতীকভাৱে আহত হৈছে বুলি মত প্ৰকাশ কৰে আন্তৰ্জাতিক মহলে । ভাৰত মহাসাগৰত‌ শ্ৰীলংকাৰ উপস্থিতি দিল্লীৰ বাবে আশাৰ স্থল আছিল । বিশেষকৈ চীনে ভাৰত মহাসাগৰত আধিপত্য স্থাপনৰ বাবে চেষ্টা চলাই আছে । শ্ৰীলংকাত ইতিমধ্যে হেজাৰ হেজাৰ কোটি টকা বিনিয়োগ কৰিছে চীনে । শ্ৰীলংকাত সমুদ্ৰ বন্দৰ, বিমান বন্দৰ, বন্দৰ চহৰ, জাতীয় পথ আৰু বিদ্যুৎ বণ্টন গঢ়িবলৈ প্ৰচুৰ অৰ্থ ব্যয় কৰিছে চীনে ।

ৰাজপক্ষ চৰকাৰক বৃহৎ ঋণো প্ৰদান কৰিছে চীনে । আন্তৰ্জাতিক বিশেষজ্ঞসকলৰ মতে, এই ঋণৰ পৰিমাণ ইমান যে, ৰাজপক্ষ চৰকাৰৰ বাবে পৰিশোধ কৰা অসম্ভৱ । সম্প্ৰতি ইয়াৰ নিদৰ্শনো পোৱা গৈছে । ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে ২০১৭ত শ্ৰীলংকাৰ এটা বন্দৰ বেইজিঙৰ এটা সংস্থাক ৯৯ বছৰৰ বাবে লীজত দিবলৈ বাধ্য হয় কলম্ব’ ।

এই চুক্তি বাতিল কৰিলেও কলম্ব’ বন্দৰৰ পশ্চিমত আন এটা টাৰ্মিনেল উন্নয়ন প্ৰকল্পত ভাৰত আৰু জাপানক যুক্ত কৰাৰ প্ৰস্তাৱ দিছে শ্ৰীলংকাই ।

Exit mobile version