চিৰাঙৰ মোজাবাৰী-দলগাঁওত আঠবছৰে অসম্পুৰ্ণ মডেল স্কুলৰ ৰ্নিমাণ কাৰ্য

e8bb98b4 6785 4d3c a360 b3d06fa5a820

চিৰাং জিলাৰ মোজাবাৰী-দলগাওঁত ৩০০ কোটি ব্যয় সাপেক্ষে ৰ্নিমাণ হোৱা মডেল স্কুলখন এতিয়া ঘন জংঘলেৰে আৱৰা।ৰাইজৰ অনুৰোধত আজি বিয়লি বিটিচিৰ মুখ্য কাৰ্যবাহি সদস্য প্ৰমোদ বড়োই বিদ্যালয়খন পৰিদৰ্শন কৰে। ২০১৩ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে আধাৰ শীলা স্থাপন কৰি নিৰ্মান কৰা বিদ্যালয় খনৰ নিৰ্মান কাৰ্য্য সম্পুৰ্ণ হোৱাৰ পিচৰে পৰা পৰিত্যাক্ত অৱস্থাত আছিল।ষষ্ট অনুসুচিত অঞ্চলৰ বাবে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ তৰফৰ পৰা বিদ্যালয় খন চিৰাং জিলালৈ দিছিল যদিও বিগত সময়ছোৱাত বিপিএফ নেতৃত্বৰ বিটিচি প্ৰশাসনে বিদ্যালয়খনৰ সক্ৰীয়কৰণত কোনো গুৰুত্ব প্ৰদান কৰা নাছিল।

মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু পূৰ্বৰ কাৰ্য্যবাহি সদস্য দেৰহাছৎ বসুমতাৰীয়ে স্থাপন কৰা আদৰ্শ বিদ্যালয়খন আজিও পৰিত্যাক্ত হৈ আছে। আজি বিটিচিৰ মুখ্য প্ৰমোদ বড়োই বিদ্যালয়খন পৰিদৰ্শন কৰিয়ে বিটিচিৰ শিক্ষা সঞ্চালকক নিৰ্দেশ দিয়ে কাইলৈৰ ভিতৰত বিদ্যালয়খন পৰিদৰ্শন কৰাৰ বাবে আৰু অতিশীঘ্ৰেই মুকলি কৰাৰ বাবে।বৃহত্তৰ অঞ্চলটোত কোনো হাইস্কুল নাই বুলিও কয় প্ৰমোদ বড়োয়ে লগতে বড়োয়ে কয় যে বিদ্যালয় খন মুকলি নোহোৱাৰ বিষয়টো তদন্ত কৰা হব। আজি বিটিচি কাৰ্য্যবাহি পৰিষদৰ কেবিনেট আছিল তাতে বহুকেইটা গুৰুত্বপুৰ্ণ সিদ্ধান্ত লোৱা বুলিও কয় প্ৰমোদ বড়োয়ে জানিবলৈ দিয়ে।

আজি প্ৰাক্তন বিএলটিৰ সভাপতি জনমোহন মুচাহাৰীৰ ঘৰত আৰক্ষীৰ অভিযান সন্দৰ্ভত প্ৰমোদ বড়োয়ে কয় যে যুৱ বিপিএফ আৰু বিপিএফৰ কিছু নেতাৰ পৰা ডাঙৰ ডাঙৰ মাৰনাস্ত্ৰ উদ্ধাৰ হোৱাৰ পিছত আৰক্ষীৰ হাতত থকা তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছে। বড়োয়ে আৰু কয় যে মই আশা কৰো আৰক্ষীয়ে যিয়ে নকৰক সসন্মানে কৰিব। আইনী প্ৰক্ৰীয়া আইন মতেই চলিব ইয়াত কোনেও বাধা দিব নোৱাৰে আৰক্ষী প্ৰশাসনক ধন্যবাদ দিব লাগিব এই মাৰণাস্ত্ৰ জব্দৰ বাবে। বিটিচিৰ সকলো অবৈধ মাৰনাস্ত্ৰ জব্দ কৰি বিটিচি খন সকলো জাতী জনগোষ্টীৰ লোক শান্তিপুৰ্ণ ভাৱে বসবাস কৰাৰ উপযোগি কৰি তুলিব লাগে বুলি কয় প্ৰমোদ বড়োয়ে।

Exit mobile version