বয়স মাত্ৰ ২০ ছ’চিয়েল মিডিয়াত কোটি কোটি টকাৰ মালিক বসুন্ধৰা পণ্ডিতা

Vassundhara Pandita

বসুন্ধৰা পণ্ডিতা বয়স মাত্ৰ ২০বছৰ চিনেমাৰ পৰ্দাত দেখা নোপোৱা এগৰাকী অভিনেত্ৰী ।কিন্তু পৰ্দাৰ বাহিৰত থাকি বলিউডৰ তাৰকাসমূহক সমানে প্ৰত্যহ্বান দিছে এইগৰাকী অভিনেত্ৰীয়ে । বসুন্ধৰা পৰৱৰ্তী লক্ষ্য হৈছে বলিউড ।বাসুনসুন মূলতঃজনপ্ৰিয় টিক এপৰ তাৰকা। তেওঁ সামাজিক মাধ্যমত নিয়মীয়া ভিডিঅ বনাই । ২০০০ চনৰ ২০মে তাৰিখে জম্মু- কাশ্মীৰত বসুন্ধৰাৰ জন্ম হৈছিল। জম্মু-কাশ্মীৰৰ বিদ্যালয়তে তেওঁ অধ্যয়ন কৰিছিল । যদিও সামাজিক মাধ্যমত সদায় বসুন্ধৰা আগবাঢ়ি থাকে তথাপিও নিজৰ ব্যক্তিগত জীৱন সদায় আঁৰত ৰাখিবলৈ ভাল পাই তাৰকাগৰাকীয়ে।

  

প্ৰেমিক জুনড মালিকৰ স’তেও বিভিন্ন সময়ত ছ’চিয়েল মিডিয়াত দেখা যায় বসুন্ধৰাক। দুয়োৰে বহুতো টিকটক ভিডিঅও একে লগে দেখিব পোৱা যায়। টিকটৰ জৰিয়তেই বসুন্ধৰাই কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তাৰ পিছতে ছ’চিয়েল মিডিয়াত অতি শীঘ্ৰেই জনপ্ৰিয় হৈ পৰিল বসুন্ধৰা ভাৰতত টিকটক নিষিদ্ধ হোৱাৰ পিছতে এতিয়া তেওঁক ইউটিউব আৰু ইনষ্টাগ্ৰামত দেখা গৈছে। টিকটকত তেওঁৰ অনুগামীৰ সংখ্যা আছিল তিনি কোটিৰো অধিক ।

তেওঁৰ গান, নৃত্য আৰু বহুতো আকৰ্ষণীয় ভিডিঅ টিককেটত শ্বেয়াৰ কৰা হয় । বৰ্তমান তেওঁৰ ইনষ্টাগ্ৰামত চাৰি লাখ ৭৫হেজাৰ ইনষ্টাগ্ৰাম অনুৰাগীয়ে বসুন্ধৰাক অনুসৰণ কৰিছে। তেওঁ তেওঁৰ বহুতো ফটো ইনষ্টাগ্ৰামত আপলোড কৰিছে। ২০১৪ চনত ইউটিউবত যোগদান কৰিছিল বসুন্ধৰাই। নিজৰ বহুতো গান ইউটিউব চেনেলত শ্বেয়াৰ কৰাও দেখা গৈছে । তেওঁ নিজৰ কেইবাটাও মিউজিক ষ্টুডিঅ’ শ্বটও শ্বুট কৰিছিল ইয়াৰ পৰিবৰ্তেও বসুন্ধৰাই ইতিমধ্যে বহুতো মডেলিং ফটোশ্বট কৰিছে ।

টিকটক ষ্টাৰ বসুন্ধৰাৰ সম্পত্তিৰ পৰিমাণ কিমান আপুনি জানেনে? ২০ বছৰীয়া শিশুজনে ইতিমধ্যে কমেও ১৫০ কোটি টকাৰ মালিক হৈছে। ছ’চিয়েল মিডিয়াৰত সক্রিয় হৈ থকাৰ উপৰিও এতিয়া বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ লবলৈ আৰম্ভ কৰিছে বসুন্ধৰাই।নৃত্য হৈছে বসুন্ধৰাৰ আবেগ আৰু সংগীতত তেওঁ কেৰিয়াৰ তৈয়াৰ কৰিব বিচাৰে। তেওঁৰ সপোন হৈছে বলিউডৰ আগশাৰীৰ এগৰাকী গায়ক হোৱা।

Exit mobile version