ভাৰতত কৃষকে অব্যাহত ৰখা আন্দোলনক লৈ আন্তর্জাতিক খ্যাতিসম্পন্ন পপ তাৰকা ৰিহানা আৰু পৰিৱেশ কর্মী গ্রেটা থুনবার্গে কৰা টুইটৰ প্ৰসংগত প্রতিক্রিয়া প্রকাশ কৰিলে বলিউডৰ কে’বাজনাে আগশাৰীৰ তাৰকাই। ৰিহানা আৰু গ্রেটাৰ টুইটক প্রথমে কঠোৰভাৱে সমালােচনা কৰিছিল বলিউড অভিনেত্রী কংগনা ৰণৌটে।
কোনাে বিষয় ভালদৰে অৱগত নহ’লে সেই সন্দৰ্ভত মূখৰ দৰে মন্তব্য প্রকাশ কৰা অনুচিত বুলি কংগনাই টুইটাৰত প্রতিক্রিয়া প্ৰকাশ কৰিছিল। এইবাৰ ৰিহানা-গ্রেটাৰ টুইটক কঠোৰভাৱে সমালােচনা কৰিলে মহাতাৰকা অভিনেতা অক্ষয় কুমাৰ, অজয় দেবগন, সুনীল ছেট্টী, আগশাৰীৰ প্রযােজক-পৰিচালক কৰণ জোহৰ আদিয়ে।
কৃষি আইন বিৰােধী আন্দোলনত কার্যতঃ কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থনত থিয় দিলে বলিউডৰ এইসকল প্রথমশাৰীৰ তাৰকাই। অক্ষয়ে টুইট কৰি কয়, কৃষকসকল আমাৰ দেশৰ অন্যতম গুরুত্বপূর্ণ অংশ। সমস্যাৰ সমাধানত সকলাে ধৰণৰ জৰুৰী পদক্ষেপ গ্রহণ কৰাটো ইতিমধ্যে স্পষ্ট হৈছে। আহক, বন্ধুত্বপূর্ণভাৱে সমাধানৰ পথ বিচাৰাে। যিসকলে বিভেদ সৃষ্টি কৰিছে, আহক সেইসকলক আঁতৰাও।
আনহাতে, অজয়ে টুইটাৰত কয়, ‘ভাৰত অথবা ভাৰতৰ নীতিবিৰােধী কোনাে মিথ্যা অপপ্ৰচাৰৰ জালত ভৰি নিদিব। এই মুহূর্তত সবাতােকৈ জৰুৰী হৈছে মৰামৰিৰ পৰিৱর্তে আমি একতা বৰ্তাই ৰাখাে।অভিনেতা সুনীল ছেত্তীয়ে কয়, ‘প্রতিটো বিষয় সন্দৰ্ভত বিস্তৃত ভাৱনা-চিন্তাৰ প্ৰয়ােজন আছে, কাৰণ অর্ধ সত্যতকৈ ভয়াৱহ আন একো নাই৷
জনপ্রিয় প্রযােজক কৰণ জোহৰে টুইট কৰি কয়, আমি এক কঠিন সময়ৰ মাজত বাস কৰিছাে আৰু এই মুহূর্তত সবাতােকৈ জৰুৰী হ’ল প্ৰতিটো মন্তব্যত বিচক্ষণতা আৰু ধৈর্য বৰ্তাই ৰখা। প্রত্যেকে এক আদর্শ সমাধানৰ পথ উলিওৱাৰ বাবে চেষ্টা কৰা উচিত। আমাৰ কৃষক ভাইসকল হ’ল এই দেশৰ মূল চালিকা শক্তি। আহক, কোনােৱে যাতে আমাৰ মাজত বিভাজন সৃষ্টি কৰিব নােৱাৰে।