আনাৰসৰ কিছু উপকাৰীতা

1463582268 delish pineapple cups 1

★আনাৰসৰ ৰস বা চৰবত খালে উচ্চ তাপ আৰু ঘামৰ সমস্যা নোহোৱা হয়।

★আনাৰসত জালুকৰ গুড়ি আৰু ক’লা নিমখ মিহলাই খালে বদহজমৰ সমস্যা দূৰ হয়।★আনাৰসৰ ৰস দুশ গ্রাম খালে স্থূলত্ব কমায়, কাৰণ আনাৰসৰ ৰসে ফেট কমায়।

★আনাৰসৰ ৰস ডিঙি আৰু মুখৰ বেকটেৰিয়াজনিত ৰোগত উপকাৰী।

★ আনাৰস গ্রহণৰ কাৰণে প্রস্রাবত বাধা সৃষ্টি নহয়।

★আনাৰস, জায়ফল, তেঁতেলি, ক’লা নিমখ আৰু জিৰা সম পৰিমাণে লৈ গুড়ি কৰি লওক। পুৱা আৰু গধূলি তিনি গ্রাম গুড়ি পানীত মিহলাই খালে ডাযয়েবেটিছৰ সমস্যাত খুব উপকাৰী।

★জ্বৰতো আনাৰসৰ ৰ ৰস খোৱাটো খুব উপকাৰী।

★বদহজমৰ ৰোগীক আনাৰসৰ ওপৰত জালুকৰ গুড়ি ছটিয়াই, অলপ নিমখযুক্ত কৰি খোৱা উচিত। তেতিয়াহ’লে উপকাৰ পোৱা যায়।

★ভিটামিন চি আৰু অন্যান্য পুষ্টিকৰ খাদ্যৰ অভাৱত যদি স্কার্ভি হয় তেতিয়া আনাৰস খোৱা আৰু ৰস খোৱা খুব উপকাৰী।

★আনাৰসে দেহৰ হাড়ক শক্তিশালী কৰিবলৈ আৰু দেহত শক্তি সৰবৰহ কৰিবলৈ কাম কৰে।

★আনাৰসৰ ৰস দেহত ৰক্তৰ অভাবৰ বাবে খুব উপকাৰী।

★যদি হার্ট নার্ভাছ হৈ যায় আৰু গ্রীষ্মত অধিক অস্বস্তি হয় তেতিয়া আনাৰসৰ ৰস বা চিৰাপ খোৱাটো খুব উপকাৰী।

★জ্বৰ, বমি, পেটফুলা, দাঁতৰ বিষ, কৃমিৰ পৰা হোৱা মুৰ্চ্ছা আদি উপদ্ৰৱতো আনাৰসৰ পাতৰ ৰস অতি উপকাৰী।

Exit mobile version