বলিউডৰ এজন জনপ্ৰিয় ক’ৰিঅ’গ্ৰাফাৰ হিচাপে পৰিচিত ৰেম’ ডিচুজাই কলে কি দৰে বলি হৈছিল বৰ্ণ বৈষম্যত। ৰেম’ প্ৰথমে সকলোবোৰ মানি নীৰৱে আছিল যদিও পাছলৈ নিজৰ হকে মাত মাতিছিল,ৰেম’য়ে কৈছিল যে তেওঁৰ ছালৰ ৰঙৰ বাবে উত্থাপন হোৱা সমালোচনাই তেওঁক কাম কৰাত আৰু আগবাঢ়ি যোৱাত সহায় কৰিছিল।
তেওঁ নিজকে এনে এটা স্থানত লৈ যাবলৈ বিচাৰিছিল য’ত তেওঁক কোনেও একো ক’ব নোৱাৰে। তেওঁ এইটোও স্বীকাৰ কৰিছিল যে সামগ্ৰিক পৰিস্থিতি বেছি সলনি হোৱা নাই, যদিও ৰেম’ৰ জীৱন ছবি সলনি হৈছে।
ৰেম’য়ে কয়, “মই শৈশৱকালৰ পৰা বহুবাৰ বৰ্ণ বৈষম্যৰ সন্মুখীন হৈছো। এইটো এটা এনেকোৱা বিষয় যিটোত মই সোমাই গৈছিলোঁ। বিশেষকৈ যেতিয়াই মই বিদেশলৈ গৈছিলো, এই সমস্যাটোৰ অধিক সন্মুখীন হৈছিলোঁ। যেতিয়া মই ডাঙৰ হৈ আহিছিলোঁ তেতিয়া মোক বিভিন্ন নাম দি মতা হৈছিল। মই ভাবিছিলো যে মোক এনেকুৱা দেখে বাবেই হয়তো মোক মানুহে এই নাম দি মাতিছিল।”