ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদক লৈ চীনৰ চৰ্ত

SC slide

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদ‌ সন্দৰ্ভত পূৰ্বৰ স্থিতিতেই অটল থাকিল চীন । ভাৰতৰ স্থায়ী সদস্যপদ লাভ কৰাৰ বিষয়ত পূৰ্বৰ পৰাই বাধা প্ৰদান কৰি আহিছে বেইজিঙে । মংগলবাৰে এই বিষয়সহ একাধিক বিষয়ত দুই দেশৰ আলোচনা হয় যদিও নতুন দিল্লীৰ পক্ষত নাথাকে বেইজিঙে ।

এইবাৰ অতিৰিক্ত সংযোজন ‘পেকেজ সমাধান’ । চীনৰ দাবী, নিৰাপত্তা পৰিষদৰ সদস্যপদৰ সম্প্ৰসাৰণ ঘটোৱাৰ পূৰ্বে বিশেষ ‘পেকেজ সমাধান’ ঘোষণা কৰা হওক, যিটো সকলো সদস্যৰ বাবেই গ্ৰহণযোগ্য হ’ব । কিন্তু চীনৰ দাবীৰ দৰে কি কি দাবী পূৰণ কৰিলে ভাৰতৰ স্থায়ী সদস্যপদৰ বিষয়ত সমৰ্থন পোৱা যাব সেয়া নিৰ্দিষ্ট ঘোষণা কৰা হোৱা নাই ।

মংগলবাৰৰ দুই দেশৰ বৈঠকত নিৰাপত্তা পৰিষদৰ সদস্যপদসহ শান্তিপূৰ্ণ সহাৱস্থান, সন্ত্ৰাসবাদ দমনত ঐক্যবদ্ধ কাৰ্যসূচী গ্ৰহণৰ দৰে বিষয়টো আলোচনা কৰা হয় । কিন্তু নিৰাপত্তা পৰিষদৰ বিষয়ত ভাৰতে বৰ্তমানেও চীনৰ সমৰ্থন লাভ কৰিব পৰা নাই ।

চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনে সংবাদ মাধ্যমক জনায়, ‘ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদ‌ সন্দৰ্ভত চীন পূৰ্বৰ অৱস্থানতে অটল বুলি জনাব পাৰি । নিৰাপত্তা পৰিষদৰ কৰ্মক্ষমতা আৰু প্ৰভাৱ সম্প্ৰসাৰণ হোৱা পথতেই চীনে বিশ্বাস কৰে । একাধিক উন্নয়নশীল, সৰু আৰু মজলীয়া দেশে নিৰাপত্তা পৰিষদৰ সিদ্ধান্তত ভূমিকা গ্ৰহণ কৰক সেইটোও বিচাৰে চীনে ।’ সেয়ে সকলোবোৰ সমস্যা পৰ্যৱেক্ষণ কৰি এটা ‘বিশেষ সমাধান’ (পেকেজ)ৰ দাবী কৰিছে বেইজিঙে । তেওঁলোকৰ অনুসৰি ইয়াৰ ফলত বিশ্বৰ স্বাৰ্থ ৰক্ষিত হ’ব ।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত আপাতত ভাৰতে অস্থায়ী সদস্য হিচাপে আছে । চলিত বৰ্ষৰ জানুৱাৰীৰ এক তাৰিখৰ পৰা দুবছৰৰ বাবে অস্থায়ী সদস্যপদৰ ম্যাদ আৰম্ভ হৈছে ভাৰতৰ ।‌ আন্তৰ্জাতিক মহলৰ অনুসৰি, দক্ষিণ এছিয়াৰ ৰাজনীতি অস্বীকাৰ কৰিব নোৱাৰিলেও ভাৰতক সম শক্তি হিচাপে পৰিণত হ’ব নিদিয়ে চীনে । সেয়ে ভাৰতৰ স্থায়ী সদস্যপদক লৈ বাধা প্ৰদান কৰি আহিছে চীনে ।

Exit mobile version