পুৰণিগুদামৰ এগৰাকী যুৱতী আক্ৰান্ত মগজুৰ জটিল ৰোগত

আৰ্থিক সংকটত জুৰুলা পৰিয়ালত হাঁহাকাৰ

nagaon patient

নগাঁও জিলাৰ পুৰণিগুদামৰ ন’আলিমুৰৰ বাসিন্দা ৱাছিদুৰ ৰহমান । তেওঁ এজন ইছলাম ধৰ্মাৱলম্বী মুৱাজিন । ৰহমানৰ জ্যেষ্ঠ কন্যা শেহতীয়াকৈ এক দুৰাৰোগ্যত আক্ৰান্ত । স্নাতক ডিগ্ৰীধাৰী আইছা চিদ্দিকাৰ স্বাস্থ্য পৰীক্ষা কৰাত যোৱা সপ্তাহত মগজুৰ এক জটিল ৰোগ ধৰা পৰিছে ।

আৰ্থিক অনাটনে জুৰুলা কৰা পৰিয়ালটোৰ বাবে এই দুঃখবৰ হৈ পৰিছে অত্যাধিক চিন্তাৰ কাৰণ । ৰোগাগ্ৰস্ত আইছাৰ উন্নত চিকিৎসাৰ লগতে গুৱাহাটীৰ অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ ক্ৰমে মগজুৰ এটা জটিল অস্ত্ৰপ্ৰচাৰ শীঘ্ৰে সমাপন কৰাটো বিশেষভাৱে প্ৰয়োজনীয় হৈ পৰিছে ।

মছজিদৰ পৰা প্ৰাপ্ত টকাৰে কোনোমতে পৰিয়াল পোহপাল দি থকা ৱাছাদুৰ ৰহমানক এতিয়া জ্যেষ্ঠ কন্যাৰ অস্ত্ৰপ্ৰচাৰৰ বাবে শীঘ্ৰে  প্ৰয়োজন প্ৰায় তিনি-চাৰি লাখ টকা । ফলত এতিয়া উপায়হীন হৈ পৰিছে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটো ।

চৰম আৰ্থিক সংকটত পৰা আইছাৰ পিতৃ-মাতৃয়ে এনে বিপদৰ সময়ত সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ লগতে অসমবাসীৰ পৰা সহায় বিচাৰিছে । সেয়ে প্ৰয়োজনীয় অৰ্থ-সাহায্য কোনো ইচ্ছুক সদাশয় লোকে আগবঢ়াব বিচাৰিলে IFSC: PUNB0064020 নম্বৰযুক্ত পঞ্জাৱ নেছনেল বেংকৰ পুৰণিগুদাম শাখাত আইছাৰ পিতৃ ৱাছিদুৰ ৰহমানৰ নামত থকা 0640010271158 নম্বৰৰ একাউণ্টত প্ৰদান কৰি পৰিয়ালটোক সহায় কৰিব পাৰে ।

Exit mobile version