গৌৰীপুৰৰ শেষ্টিঝোৰা গাঁৱত ভয়ংকৰ ঘটনা

অন্ধবিশ্বাসী লোকৰ কবলৰ পৰা কথমপি ৰক্ষা এজন লোক

f3090f2b 90ab 4773 81c9 fbb969f0d854 1

কোকৰাঝাৰ জিলাৰ পৰ্ব্বতঝোৰা মহকুমাৰ বগৰিবাৰী থানাৰ অন্তৰ্গত শেষ্টিঝোৰা গাঁৱত বসবাস কৰা চাইমন চাংমা নামৰ এজন লোকৰ ঘৰত অঞ্চলটোৰ  আঠ-দহজনীয়া দল এটাই প্ৰৱেশ কৰি চাংমাক বিচাৰি তালাচী চলায়। চাংমাৰ বাবেই  সেইখন গাঁৱৰ এগৰাকী মহিলা অসুস্থ হৈ পৰাৰ অভিযোগ দলটোৰ। চাংমাক ডাইনী বুলি  সন্দেহ কৰি আক্ৰমণৰ উদ্দেশ্যে দলটো ঘৰত প্ৰৱেশ কৰিছিল।

কিন্তু উক্ত সময়ত ঘটনাৰ উমান পাই চাইমন চাংমাই ঘৰৰ পৰা পলাই গৈ কথমপি প্ৰাণ ৰক্ষা কৰে। উক্ত ঘটনা সন্দৰ্ভত বগৰীবাৰী আৰক্ষী থানাত ২৫/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰি টিপকাই আৰু  বগৰীবাৰী আৰক্ষীয়ে চাংমাক বিচাৰি অভিযান চলায়। আৰক্ষীৰ অভিযানত চাংমাক  শেষ্টিঝোৰা গাঁৱৰ গাঁওবুঢ়াৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত উদ্ধাৰ কৰে।আৰক্ষীয়ে চাংমাৰ স্বীকাৰোক্তিৰ ভিত্তিত শেষ্টিঝোৰা আৰু দলংঝৰাৰ  মুঠ আঠজন অভিযুক্তক আটক কোকৰাঝাৰ আদালতলৈ  প্ৰেৰণ কৰে।

Exit mobile version