ফটো প্ৰেৰণ কৰি ৰঙাগ্ৰহত প্ৰাণৰ সন্ধান আৰম্ভ পাৰছেভাৰেন্সৰ

ইতিহাসৰ পাতত চাৰি ভাৰতীয় বংশােদ্ভৱ

Screenshot 223

অৱশেষত সাত মিনিট’ৰ দুৰ্ভাৱনাক অতিক্রম কৰি সুকলমে মঙল গ্ৰহৰ মাটিত ভৰি দিলে নাছাৰ মহাকাশ যানে। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাটোৱে প্ৰেৰণ কৰা সর্বাধুনিক লেণ্ডাৰ আৰু ৰােভাৰ পাৰছেভাৰেন্সে শুকুৰবাৰে ভাৰতীয় সময় অনুসৰি পুৱতি নিশা প্রায় ২-৩০ বজাত মঙলত অৱতৰণ কৰে।

ইয়াৰ পূর্বে সুদীর্ঘ সাত মাহ ধৰি এই যানখনে মঙলৰ কক্ষপথত বিচৰণ কৰিছিল। মঙলত অৱতৰণ কৰাৰ পাছৰে পৰা ৰঙাগ্রহত পূর্বে প্রাণৰ কোনাে অস্তিত্ব আছিল নেকি, তাৰ অনুসন্ধান চলাব। উল্লেখ্য যে নাছাৰ এই ঐতিহাসিক সফলতাৰ গুৰুত্বপূর্ণ অংশীদাৰ হৈ ইতিহাসৰ পাতত নাম সন্নিবিষ্ট কৰিলে চাৰি ভাৰতীয় বংশােদ্ভৱে।

আগন্তুক কিছু বছৰলৈ মঙলৰ মাটি খান্দি পাথৰ, জীৱাশ্ম, মাটি আদিৰ নমুনা সংগ্রহ কৰি পাৰছেভাৰেন্স পুনৰ পৃথিৱীলৈ উভতি আহিব। ইয়াৰ উপৰি সেই লেণ্ডাৰৰ পৰাই মঙলৰ আকাশত উৰােৱা হ’ব হেলিকপ্টাৰ। ইনজেনুইটি নামৰ হেলিকপ্টাৰখনে মঙলৰ আৰু বিস্তৃত অঞ্চলত প্ৰাণৰ সন্ধান চলাব।

এই প্ৰথমবাৰলৈ পৃথিৱীৰ বাহিৰৰ আন কোনাে গ্রহৰ আকাশত হেলিকপ্টাৰ উৰুৱাব মানৱ সভ্যতাই। প্রায় ২০৩০ত সেইবােৰ বস্তু গৱেষণাৰ বাবে পৃথিৱীলৈ আহিব বুলি নাছাৰ বিজ্ঞানীসকলে আশা প্রকাশ কৰিছে। উল্লেখ্য যে নাছাৰ এই লেণ্ডাৰ আৰু ৰােভাৰ পাৰছেভাৰেন্স হৈছে প্ৰকৃততে এটা স্পেচ কেপচুলৰ ভিতৰত ভৰাই দিয়া ৰ’ব’টিক এষ্ট্র’-বায়’লজি গৱেষণাগাৰ।

ছটা চকাযুক্ত এই ৰােভাৰখনে মঙলৰ আকাশৰ পৰা মাটিত নমাৰ বাবে সময় লয় সাত মিনিট। উল্লেখ্য যে মঙলৰ খলাবমা ভূমিত ৰােভাৰখন নমাৰ আগৰ এই সাত মিনিট সময়কে নাছাৰ বিজ্ঞানীসকলে অতি বিপজ্জনক আখ্যা দিছিল। অৱশ্যে চিন্তিত বিজ্ঞানীসকলৰ মুখত হাঁহি বিৰিঙাই পাৰছেভাৰেন্সে সুকলমে মঙলৰ জেজেৰাে গহূৰত অৱতৰণ কৰে।

এই খবৰ নিশ্চিত কৰে নাছাৰ মঙল অভিযানৰ মুৰব্বী ভাৰতীয় বংশােদ্ভৱ বিজ্ঞানী স্বাতী মােহনে। নাছাৰ এই অভিযানৰ গুৰুত্বপূর্ণ ভূমিকাত আছিল পাৰছেভাৰেন্সৰ ‘গাইডেন্স, নেভিগেচন আৰু কন্ট্রোলছ অপাৰেচনছ’ (জিএনএণ্ডচি)ৰ মুৰব্বী স্বাতী।

স্বয়ংক্রিয় পদ্ধতিৰে পাৰছেভাৰেন্সে নিৰাপদে মঙলৰ মাটি স্পর্শ কৰে বুলি পেছাডেনাচ নাছাৰ জেট প্রপালচন লেবৰেটৰীৰ পৰা তেওঁ নিশ্চিত কৰে। লগে লগে কৰতালিৰে তাত কৰ্মৰত সকলােৱেই পৰস্পৰত অভিনন্দন জনায়। অৱশ্যে নাছাৰ ঘােষণাৰ প্রায় ১১ মিনিটৰ পূর্বেই পাৰছেভাৰেন্সে মঙলৰ মাটিত অৱতৰণ কৰিছিল।

কিয়নাে মঙলৰ পৰা পৃথিৱীলৈ ৰেডিঅ’ সংকেত আহি পােৱাৰ বাবে ১১ মিনিট সময় লাগে। ইয়াৰ পাছতে নেট মাধ্যমেৰে এনিমেচন ভিডিঅ’ৰ জৰিয়তে অৱতৰণৰ প্রক্রিয়াটো সন্মুখলৈ আনে নাছাই। ইয়াৰ উপৰি মঙলৰ জেজেৰাে গহ্বৰৰ পৰা পাৰছেভাৰেন্সে সংগ্রহ কৰা প্ৰথমখন বগা-ক’লা ফটোও প্রকাশ কৰে নাছাই।

মঙলৰ মাটিত মহাকাশ যানখনৰ লেণ্ডাৰ আৰু ৰােভাৰৰ অৱতৰণৰ ক্ষণক ঐতিহাসিক আখ্যা দি নাছাক অভিনন্দন জনায় আমেৰিকাৰ ৰাষ্ট্রপতি জ’বাইডেনে। টুইটাৰত তেওঁ লিখিছে, নাছা আৰু সেই সকলাে লােক, যিসকলে পাৰছেভাৰেন্সৰ এই ঐতিহাসিক অভিযানক সফল কৰাৰ বাবে অক্লান্ত পৰিশ্ৰম কৰি গৈছিল; তেওঁলােকক অভিনন্দন জনাইছাে।

পুনৰ প্রমাণ হ’ল যে বিজ্ঞান আৰু আমেৰিকাৰ উদ্ভাৱনী শক্তিক কামত লগাব পাৰিলে একোৱেই অসম্ভৱ নহয়। উল্লেখ্য যে ১৯৬৫ৰ পৰা নাছাই এই পর্যন্ত মঙললৈ যিমানবােৰ অভিযান চলাইছে, তাৰ ভিতৰত পিৰছেভাৰেন্সক সবাতােকৈ উচ্চাভিলাষী পদক্ষেপ বুলি জনাইছে সংস্থাটোৰ এজন বিজ্ঞানীয়ে। মন কৰিবলগীয়া যে সংযুক্ত আৰব আমিৰশ্বাহি আৰু চীনৰ দুখনকৈ মহাকাশ যানে চলিত সপ্তাহতে মঙল গ্ৰহৰ কক্ষপথত সােমাই পৰিছে। এই যান দুখনেও মঙলত অৱতৰণ কৰি প্ৰাণৰ উৎসৰ সন্ধান কৰিব।

Exit mobile version