মিছ ৱৰ্ল্ডৰ সময়ত বেকষ্টেজত দুৰ্ঘটনা সন্মুখীন হৈছিল অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা

e37c2139dbe4a519347b9d08c5aad820

২০০০ বৰ্ষত অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ মূৰত জিলিকিছিল মিছ ৱৰ্ল্ডৰ মুকুট ।সেই সময়ত এটাৰ পিছত এটা সফলতাৰ শৃংখলাত উঠিছিল অভিনেত্ৰীগৰাকী । কিন্তু খিতাপ জয়কৰাৰ আগমুহূৰ্তত অভিনেত্ৰীগৰাকীৰ স’তে এটা ঘটনা ঘটে।যাৰ ফলত কপালত আঘাত প্ৰাপ্ত হৈছিল প্ৰিয়ংকা আৰু ইয়াৰ দাগটো মুখত বহি যায়।  মিছ ইণ্ডিয়াই সৌন্দৰ্য প্ৰতিযোগিতাৰ ফাইনেলত এনে এক অপ্ৰিয় পৰিস্থিতিৰ সন্মুখীন হৈছিল জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা।

প্ৰিয়ংকা মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ বাবে সাজু হৈ আছিল যেতিয়া তেওঁক হঠাৎ মেকআপ ৰুমত এজন মানুহে পিছফালৰ পৰা ঠেলি দিয়ে আৰু তৎক্ষণাত চুলি কেঁকুৰা কৰি থকা অভিনেত্ৰীগৰাকীৰ কপালত চুলিৰ যন্ত্ৰৰ গৰম অংশ লাগি কপালত দাগ বহিছিল। অভিনেত্ৰীগৰাকীয়ে পিছত চুলিখিনি সন্মুখত ৰাখি দাগটো ঢাকিবলৈ চেষ্টা কৰে। প্ৰিয়ংকাই ২০০০ চনত ‘টুনাইট শ্ব’ ষ্টিয়েৰিং জিমি ফ্যালন’ অনুষ্ঠানত মিছ ৱৰ্ল্ড জয় কৰাৰ মুহূৰ্তত স্মৰণ কৰে।

তেওঁ কয়, ‘সেই সময়ত মোৰ কপালত দাগ আছিল। মই নিজকে ঠাণ্ডা ৰাখিবলৈ চেষ্টা কৰি আছিলো কিন্তু সেই সময়ত মই একো কৰিব নাছিল। মই চুলি চিঙিবলৈ চেষ্টা কৰিছিলো। সেই সময়ত ৯০গৰাকী ছোৱালীয়ে বেকষ্টেজত মেকাপ আৰু চুলি ঠিক কৰাৰ বাবে ঘূৰি ফুৰিছিল। কোনোবাই খোজ কাঢ়ি থাকা সময়তে হঠাতে মোক ঠেলা মাৰি দিয়ে আৰু মোৰ কপালত দাগ বহি যায় ।

তেওঁ লগতে কয় যে সেই সময়ত তেওঁ তেওঁৰ দাগটো কনছিলাৰে ঢাকিবলৈ চেষ্টা কৰিছিল লগতে অৱশেষত তেওঁ সন্মুখৰ পৰা কেঁকুৰা চুলি উলিয়াই আনিছিল সন্মুখত আনিছিল । এতিয়া যেতিয়া তেওঁ ঘূৰি চাই আৰু আগৰ ছবিবোৰ দেখে তেতিয়া সেই ঘটনা মনত পৰে।অৱশ্যে কোনো দুৰ্ঘটনাই প্ৰিয়ংকাৰ মুকুট জয়ৰ পথত থিয় হোৱা নাছিল। বিশ্ব সৌন্দৰ্য প্ৰতিযোগিতাত প্ৰথম স্থান গ্ৰহণ কৰি দেশলৈ সন্মান আনিছিল বলিউডৰ বৰ্তমান গ্লোৱেল আইকন।

শেহতীয়া সাক্ষাৎকাৰত প্ৰিয়ংকাই কয় যে তেওঁৰ আটাইতকৈ সুন্দৰ চেহেৰাবোৰ কথা লগতে অদ্ভুত আৰু অস্বস্তিকৰ পৰিস্থিতিৰ বিষয়ে। ২০০০ চনত তেওঁ মিছ ৱৰ্ল্ড হোৱাৰ সময়ত অভিনেত্ৰী গৰাকীৰ থকা পোছাকটো যথেষ্ট অস্বস্তিকৰ আৰু অসুবিধাজনক আছিল। তেওঁ কয়, “যেতিয়া মই ২০০০ চনত মিছ ৱৰ্ল্ড হৈছিলো, মোৰ (অফ-শ্বেঁডাৰ) পোছাক মোৰ শৰীৰত টেপ দি লগোৱা হৈছিল।

“যেতিয়া মই অৱশেষত জিকিছিলো, টেপটো খুলিব বুলি মোৰ বাবে যথেষ্ট চিন্তাৰ বিষয় আছিল। মই সকলো সময়তে দুহাত ভাঁজ কৰি খোজ কাঢ়িছিলো ‘নমস্কাৰ’ কৰাৰ ভাও কৰিছিলোঁ। মানুহে ভাবিছিল যে মই নমস্কাৰ কৰি আছো, কিন্তু মই মোৰ পোছাক ধৰি ৰাখিবলৈ এইটো কৰিছিলো’। প্ৰিয়ংকাৰ আত্মজীৱনী ‘আনফিনিছিং’ এই মাহৰ আৰম্ভণিতে মুক্তি পাইছে। অভিনেত্ৰীগৰাকীয়ে কিতাপখনত তেওঁৰ জীৱন, দুখ, সমাজ আৰু পক্ষপাতৰ অভিজ্ঞতাৰ বিষয়ে লিখিছে।

Exit mobile version