৩১ বছৰৰ পাছত মুকলি হ’ল কাশ্মীৰৰ মন্দিৰ

imageedit 3 5576364395

সন্ত্রাসবাদীৰ ৰঙা চকুকো নেওচি তিনিটা দশকৰ পাছত খােল খালে কাশ্মীৰৰ এটা মন্দিৰৰ দ্বাৰ। লক্ষ্যণীয়ভাৱে সম্প্রীতিৰ নিদর্শন দাঙি ধৰি স্থানীয় মুছলমান লােকসকলেও এই কার্যত সহযােগ কৰি সন্ত্রাসবাদক দূৰলৈ দলিয়াই পেলালে। সুদীর্ঘ ৩১ বছৰৰ পাছত পূজা-আৰাধনা হ’ল শ্রীনগৰৰ হাব্বা কাদালৰ শীতলনাথ মন্দিৰত।

৩১ বছৰৰ পূর্বে সন্ত্রাসবাদীৰ ভাবুকি তথা কার্যকলাপৰ বাবেই বন্ধ হৈ পৰিছিল এই মন্দিৰৰ দ্বাৰ। অঞ্চলটোত হ্রাস পাইছিল হিন্দু লােকৰ সংখ্যাও। সুদীর্ঘ তিনিটা দশকৰ পাছত পুনৰ মন্দিৰ খােলা কার্যত হিন্দু লােকসকলৰ উদ্যোগত হাত উজান দি স্থানীয় মুছলমান লােকসকলেও সাম্প্রদায়িক সম্প্রীতিৰ দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হয়।

এই সপ্তাহতে বসন্ত পঞ্চমীৰ দিনা শীতলনাথ মন্দিৰত বিশেষ পূজাৰ আয়ােজন কৰা হয়। মন্দিৰত পূজা দিবলৈ অহা সন্তোষ ৰাজদান নামৰ এজন লােকে সংবাদ মাধ্যমৰ আগত কয়,‘সন্ত্রাসবাদীৰ অত্যাচাৰৰ কবলত পৰি সুদীর্ঘ ৩১ বছৰ ধৰি ইে মন্দিৰ বন্ধ ৰখা হৈছিল। আনকি মন্দিৰৰ আশে-পাশে বসবাসকাৰী হিন্দুসকলেও অঞ্চলটো ত্যাগ কৰিবলৈ বাধ্য হৈছিল।

মন্দিৰটো পুনৰ খােলাৰ ক্ষেত্ৰত স্থানীয় মুছলমান লােকসকলেও আমাক যথেষ্ট সহায় কৰিছে। একে মন্তব্য কৰিছে উদ্যোক্তাসকলৰ অন্যতম ৰবিন্দৰ ৰাজদানেও। বহু স্থানীয় মুছলমান লােকে যে বন্ধ হৈ থকা মন্দিৰটো পৰিষ্কাৰ দিয়াটো হাত উজান দিছিল, সেই কথাও তেওঁ অৱগত কৰে। ৰাজদানে কয়, ‘আমাৰ মুছলমান ভাই-ভনীসকলে পূজাৰ সামগ্রীও আনিছিল। আগতে প্রতি বছৰে এই দিনটোত মন্দিৰত পূজা হৈছিল। এইবাৰাে বাবা শীতলনাথ ভাইৰাওৰ জন্মবার্ষিকী পৰিছিল বসন্ত পঞ্চমীত। সেয়ে পূজা পুনৰ আৰম্ভ কৰাৰ বাবে আমি এই দিনটোকেই বাছি লৈছিলাে।

Exit mobile version