কৰ’না ভাইৰাছৰ সংক্ৰমণৰ উৎপত্তিস্থল আৰু ইয়াৰ বৈশ্বিক সংক্রমণৰ তথ্য বিচাৰি অনুসন্ধান চলােৱা বিশ্ব স্বাস্থ্য সংস্থাই এক চাঞ্চল্যকৰ তথ্য প্রকাশ কৰিলে। আন্তর্জাতিক স্বাস্থ্য সংস্থাটোৰ বিশেষজ্ঞই দাবী কৰা মতে, তেওঁলােকে চলােৱা তদন্তত এই কথাৰ প্রমাণ লাভ কৰা হ’ল যে চীনৰ উহান চহৰৰ পৰাই বিশ্বৰ আন দেশলৈ ক’ভিড-১৯ৰ ভাইৰাছ সংক্রমিত হৈছিল।
বিশেষজ্ঞৰ দলটোৱে লগতে কয় যে তেওঁলােকে লাভ কৰা প্ৰমাণ অনুসৰি উহানত বিক্রী কৰা শহাপহু আৰু এন্দুৰ প্ৰজাতিৰ কিছু অন্য জীৱৰ জৰিয়তে মানৱ দেহলৈ ক’ৰনা ভাইৰাছৰ সংক্রমণ হৈছিল। ‘দ্য ৱাল স্ট্রিট জার্ণেলত বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষকৰ এই অনুসন্ধানৰ সন্দৰ্ভত সবিশেষ প্রতিবেদন প্রকাশ পাইছে।
এই প্রতিবেদনত স্বাস্থ্য সংস্থাটোৰ বিশেষজ্ঞই কয় যে পূর্বে ধাৰণা কৰাৰ দৰেই উহানৰ উক্ত মাংসৰ বজাৰৰ পৰাই মানৱ দেহলৈ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড ১৯ সংক্রমিত হৈছিল। শহাপহু,এন্দুৰ জাতীয় জীৱ ক’ৰনাত সংক্রমিত হৈছিল আৰু এনে জন্তুৰ মাংস ভক্ষণৰ ফলতে চীনত প্রথমে ক’ভিড-১৯ৰ সংক্রমণ মানৱ দেহলৈ হৈছিল।
পৰৱর্তী পর্যায়ত চীনৰ পৰাই বিশ্বৰ আন আন দেশলৈ এই মাৰাত্মক ভাইৰাছৰ ব্যাপক সংক্রমণ ঘটে বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলে প্রতিবেদনত দাবী কৰিছে। উল্লেখ্য যে কৰনাৰ গােলকীয় সংক্রমণৰ পাছৰে পৰা বিশ্ব স্বাস্থ্য সংস্থাই এই ভাইৰাছৰ সংক্ৰমণৰ উৎসৰ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছিল। অৱশেষত ক’ৰনাৰ উৎস আৰু সংক্রমণৰ সবিশেষ তথ্যপাতি লাভ কৰিবলৈ সক্ষম হ’ল বুলি আন্তর্জাতিক স্বাস্থ্য সংস্থাটোৱে নিজৰ প্রতিবেদনত উল্লেখ কৰিছে।
যােৱা সপ্তাহত বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞৰ দলে চীনত এই সন্দৰ্ভত অনুসন্ধান চলাই জেনেভালৈ উভতি আহিছিল। চীনৰ পৰা উভতি অহা বিশেষজ্ঞ দলটোৱে লগতে কয় যে চীনৰ পৰীক্ষাগাৰৰ পৰা ভুলবশতঃ ক’ভিড-১৯ৰ ভাইৰাছৰ সংক্রমণ হােৱা বুলি উত্থাপিত অভিযােগটো মুঠেও গ্রহণযােগ্য নহয়।






























