বিৰয়ানি, যাৰ মোগল উৎসই প্ৰতিটো শস্যকে ৰাজকীয় বনায় । চৰ্বিযুক্ত মাংসত মিশ্ৰিত উপাদান আৰু অতি স্বাদযুক্ত ফ্লেভৰেৰে চাউলেৰে ৰন্ধা এবিধ সুস্বাদু খাদ্য । নিঃসন্দেহে বিৰয়ানি ভাৰতীয় লোকৰ অন্যতম প্ৰিয় খাদ্য । কিন্তু এই খাদ্যৰ স্বাদ ল’বৰ বাবে আপুনি কিমান ব্যয় কৰিব পাৰিব ?
আপুনি বাৰু এই সুস্বাদু খাদ্য ভোজনৰ বাবে ২০ হেজাৰ টকা ব্যয় কৰিব নে ? ডুবইৰ এখন ৰেস্তোৰাঁই তেওঁলোকৰ এই বিশেষ বিৰয়ানি খাবৰ বাবে গ্ৰাহকে ২০ হেজাৰ টকা ব্যয় কৰিব বুলি দাবী কৰিছে । তেওঁলোকে এই বিৰয়ানিক ‘ডুবাইৰ আটাইতকৈ ব্যয়বহুল বিৰয়ানি’ বুলি দাবী কৰিছে ।
ডুবই ইণ্টাৰনেছনেল ফাইনেনছিয়েল চেণ্টাৰত অৱস্থিত ‘ব’ম্বে ব’ৰঘ’ নামে এখন ৰেস্তোৰাঁই সম্প্ৰতি ‘ৰয়েল গ’ল্ড বিৰয়ানি’ নামে এটা বিশেষ বিৰয়ানি প্লেট আৰম্ভ কৰিছে । এখন বৃহৎ সোণৰ প্লেটত বিৰয়ানি পৰিৱেশন কৰা হয় আৰু ভোজ্য ২৩ কেৰেট সোণৰ পাতেৰে সজোৱা হয় । এটা প্লেটৰ মূল্য ডিএইচ এহেজাৰ যাৰ ভাৰতীয় মূল্য ২০ হেজাৰ ।
ভাৰতীয় নামৰ এটা বিলাসবহুল ব্ৰিটিছ আমোলৰ ভাৰতীয় ৰেস্তোৰাঁই বিশাল ৰাজকীয় বিৰয়ানিৰ থালি পৰিবেশন কৰে, য’ত গেৰুৱা বৰণৰ ভাতৰ বিৰয়ানি থাকে । ইয়াত বিভিন্ন প্ৰকাৰৰ সোণৰ পাতত লিপ্ত কবাব থাকে – কাশ্মীৰী লেম্ব শিখ কবাব, অ’ল্ড দিল্লী লেম্ব চপছ, ৰাজপুত চিকেন কবাব, মোগলই ক’ফ্টা আৰু মলাই চিকেন ৰ’ষ্ট ।