কলগাছিয়াৰ মইনবৰীত বিধায়ক শ্বেৰমান আলীৰ আধাৰশিলা অনুষ্ঠানত মাৰপিট 

আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ

WhatsApp Image 2021 02 24 at 8.40.33 PM

বাঘবৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্বেৰমান আলী  আহমেদে মইনবড়ীৰ পৰা তাৰাকান্দি লৈ যোৱা ৰাস্তা পকীকৰণ কামৰ আধাৰশিলা অনুষ্ঠান চলি থকা সময়ত ৰাইজ আৰু একাংশ কংগ্ৰেছ কৰ্মীৰ মাজত তৰ্কা-তৰ্কি হয় । তদুপলক্ষে অনুষ্ঠিত হোৱা সভা সামৰি শ্বেৰমান আলী আহমেদে উভতি অহাৰ পথত মইনবড়ী গাওঁ পঞ্চায়তৰ একাংশ নিৰ্বাচিত কংগ্ৰেছী ওৱাৰ্ড সদস্যসকলক সভালৈ মাতি আনি অপমান কৰাৰ অভিযোগ তুলি  বিধায়ক শ্বেৰমান আলী আহমেদক প্ৰশ্ন কৰে আৰু কয় যে, আপোনাৰ চেলা চামুণ্ডাসকল ইমান অভদ্ৰ কিয় ? তেনে সময়তে বিধায়ক শ্বেৰমান আলী আহমেদেও খঙত অগ্নিশৰ্মা হৈ কয়, তুমি ইমান অভদ্ৰ কিয় ?

বিধায়কগৰাকীয়ে এইদৰে কোৱাৰ লগে লগে ভক্ত তথা সোনাবাৰী গাওঁ পঞ্চায়তৰ সভাপতি মোবাৰক আলীয়ে গতা মাৰি পেলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে । পঞ্চায়ত সদস্যজনক গতা মৰাত সদস্যজনৰ ককায়েকে সভাপতি মোবাৰকক গতা মাৰে । পৰিৱেশ অধিক উত্তপ্ত হোৱালৈ লক্ষ্য কৰি বিধায়কগৰাকীক পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ একাংশ ৰাইজে আহ্বান জনায়।

কিন্তু বিধায়ক গৰাকীয়ে ওলোটাই ‘মোৰ মানুহে নহয় তোমালোকে অভদ্ৰামী কৰিছা’ বুলি কোৱাত ‘আমি নহয় আপুনি অভদ্ৰামী কৰিছে’ বুলি ৰাইজে ওলোটাই জবাব দিয়ে। বিধায়কগৰাকীয়ে এই অপমান সহ্য কৰিব নোৱাৰি প্ৰশ্ন উত্থাপন কৰা ৰাইজক উঠাবলৈ দেহৰক্ষীক নিৰ্দশ দিয়ে।

পাছত বিধায়কগৰাকীয়ে তেওঁৰ দেহ ৰক্ষীৰ গাত হাত দিয়াৰ অভিযোগ তুলি দেহৰক্ষীৰ জৰিয়তে মইনবৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত ৰফিকুল ইছলাম আৰু আব্দুল লতিফ নামৰ দুজন কংগ্ৰেছী ওৱাৰ্ড সদস্যক গ্ৰেপ্তাৰ কৰিছে যদিও আন চাৰিজন আচামি পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে । এগৰাকী জনপ্ৰতিনিধিৰ এনে কাণ্ডত সচেতন মহলত বিৰূপ প্ৰভাৱ পেলাইছে।

উল্লেখ্য যে কেইদিনমান আগতে নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ কামৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ ৰাইজৰ ক্ষোভত তিষ্টিব নোৱাৰি আধাৰশিলা  স্থাপন নকৰাকৈ উভতি যাবলগীয়া হয় বিধায়ক শ্বেৰমান আলী আহমেদ। যিসময়ত অসম প্ৰদেশ কংগ্ৰেছে অসম বাচাও অভিযান চলাই নিৰ্বাচনী প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে ঠিক সেই সময়তে বাঘবৰ সমষ্টিত কংগ্ৰেছীয়ে গৃহ কণ্ডলত লিপ্ত হোৱা কাৰ্যই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ২০২১ৰ নিৰ্বাচনত সমষ্টিটোৰ ভোটাৰসকলে কোন ৰাজনৈতিক দলৰ পক্ষত থিয় দিব তাকে লৈ ব্যাপক চৰ্চা চলিছে ।

Exit mobile version