জনপ্ৰিয় গায়িকা কিম কাৰদেছিয়ানৰ তৃতীয় বিবাহ বিচ্ছেদ

kim kardashian has filed for divorce from kanye west reports say

সাত বছৰত তৃতীয়খন বিবাহ শেষ হৈছে কিম কাৰদেছিয়ানৰ । আমেৰিকাৰ মডেল অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ তেওঁৰ বিচ্ছেদৰ খবৰ জানিবলৈ দিয়ে।তেওঁৰ সদ্য প্ৰাক্তন স্বামী কেনি ৱেষ্ট পেছাত এজন পপ সংগীতজ্ঞ। কিমে কয় যে তেওঁলোকে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত যৌথভাৱে লৈছে আৰু এই বিষয়ে তেওঁলোকৰ মনত কোনো দুখ নাই।

চাৰি সন্তান নৰ্থ ,সেন্ট, শিকাগো আৰু প্যাজমাৰৰ সুৰক্ষাও যৌথ ভাবে কৰিছে কিম আৰু কেনিয়ে ।অন্যতম জনপ্ৰিয় শিল্পী কিন আৰু কেনিৰ সম্পত্তিৰ পৰিমাণ অকাশলঙ্ঘী আমেৰিকাৰ সংবাদ মাধ্যমে দাবী কৰিছে যে তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ ২২০ কোটি ডলাৰতকৈও অধিক।

তাৰ ভিতৰত আছে কেলিফৰ্ণিয়াৰ হিডন পাহাৰত থকা ১৫,৬৬৭ বৰ্গফুটৰ এটা প্ৰাসাদ।তেওঁলোকৰ যৌথ মালিকানাধীন সম্পত্তিৰ ভিতৰত আছে ১০০ কোটি ডলাৰ ৰিয়েল ইষ্টেটত আৰু ৩৯লাখ ডলাৰ মূল্যৰ গাড়ীৰ সম্ভাৰ। এই বিপুল সম্পত্তিৰ পিছত কিম আৰু কেনি দুয়োৰে সমান অৱদান আছে।শিল্পীৰ উপৰিও, কিম এজন ব্যৱসায়ীও।কিম-কেনৰ সম্পত্তিৰ অন্যতম হৈছে কেলিফৰ্ণিয়াৰ দুই কোটি ডলাৰৰ প্ৰাসাদ।

তেওঁলোকে ২০১৪ চনত অট্টালিকাটো কিনিছিল আৰু ২০১৮ চনৰ পৰা চাৰি বছৰ ধৰি এই প্ৰসাদত আছিল। বহুতো সূত্ৰই দাবী কৰে যে ঘৰটোৰ মূল্য প্ৰকৃততে ছয় কোটি ডলাৰ।তাৰকা দম্পতীয়ে ২০১৯ চনত প্ৰাসাদৰ ওচৰতে আন এটা ঘৰ নিৰ্মাণ কৰিছিল। কিন্তু এই ঘৰৰ দাম প্ৰসাদটোৰ তুলনাত অলপ কম আছিল । ঘৰটোৰ দাম আছিল ২৯ লাখ ডলাৰ।প্ৰাক্তন তাৰকা দুয়োজনৰ ঘৰ আমেৰিকাৰ বিভিন্ন চহৰত বিচ্ছুৰিত হৈ আছে।

২০১৩ চনত, তেওঁলোকে ন হেজাৰ বৰ্গ ফুটৰ বেল এয়াৰ মেচনটো এক কোটি ১০ লাখ ডলাৰত ক্ৰয় কৰিছিল আৰু চাৰি বছৰ পিছত, তেওঁলোকে প্ৰাসাদটো এজন ধনী ইউক্ৰেনৰ লোকক বিক্ৰী কৰিছিল।এটা সংগীত ভিডিঅ’ৰ শ্বুটিং উপলক্ষে কিমৰ স’তে কেনৰ প্ৰথম আলাপ হৈছিল ২০০৪ চনত ।সেই সময়ত কিমৰ স্বামী আছিল ড্যামন থমাছ।সেই বছৰেই কিমে থমাছৰ স’তে বিবাহ বিচ্ছেদ কৰিছিল।

সমাপ্ত হয় কিমৰ চাৰি বছৰৰ প্ৰথম বিবাহ । আনহাতে, তেওঁ তেতিয়া অ্যালেক্সিছ ফিফাৰৰ স’তে ডেটিং কৰি আছিল।প্ৰথম বাৰ্তালাপৰ সময়ত কেনক কিমে চিনি পোৱা নাছিল। আনকি তেওঁ নামে জনা নাছিল কিমে । লাহে লাহে বাৰ্তালাপ গভীৰ হ’ল আৰু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হ’ল। কিন্তু এই সম্পৰ্কৰ মাজতে কিমে ২০১১ চনত বিবাহত বহিছিল ক্রিছ হাম্ফ্রিজকৰ স’তে।

কিন্তু গায়িকাগৰাকীৰ দ্বিতীয়বিবাহ মাত্ৰ দুই বছৰ চলিছিল।কথা বতৰাৰ আঠ বছৰৰ পাছত দুজনে স্বীকাৰ কৰে তেওঁলোকৰ সম্পৰ্কৰ কথা।২০১২চনতে কেনিৰ প্ৰথম সন্তান অহাৰ কথা জনায় আৰু জুনত জন্ম হয় কিম আৰু কেনিৰ প্ৰথম সন্তান।কন্যা জন্ম হোৱাৰ পাঁচ মাহ পিছত, কেনিয়ে অমূল্য ১৫ কেৰেট হীৰাৰে নিৰ্মাণ কৰা এটা আঙুঠিৰে কিমক বিয়াৰ বাবে প্ৰস্তাৱ দিয়ে। ২০১৪ চনত, দুয়োজনে ইটালীয়াৰ ফ্লোৰেঞ্চত বিবাহ পাশত আবদ্ধ হয়।

২০২০ চনৰ অক্টোবৰত, কিমৰ জন্মদিনৰ উপলক্ষে এক ৰাজকীয় অনুষ্ঠানৰ আয়োজন কৰিছিল কেনিয়ে। কিন্তু কেইমাহমান পিছত, তেওঁলোকৰ বিষয়ে বিবাদৰ খবৰ বৃদ্ধি পাইছিল। শেষত, দুয়োজন তাৰকা বিচ্ছেদৰ পথত ভৰি দিছিল ।

Exit mobile version