● শিলপুখুৰীৰ নিজ বাসগৃহত কালি নিশা শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সংগীতশিল্পী কুল বৰুৱাই ।
● ৮২ বছৰ বয়সত মৃত্যু শিল্পীগৰাকীৰ ।
● শিল্পীগৰাকীৰ মৃত্যুত শিল্পীসমাজত শোকৰ ছাঁ বিৰাজ কৰিছে ।
● ১৯৩৮ত গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট শিল্পীগৰাকীয়ে ।
● স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ ।
বিশিষ্ট সংগীত শিল্পী কুল বৰুৱাদেৱৰ মৃত্যুৰ বাতৰি পাই শোকস্তব্ধ হৈ পৰিছো ৷ বহু কালজয়ী গীতেৰে অসমৰ সংগীত জগতখনক সমৃদ্ধ কৰি যোৱা বৰুৱাদেৱৰ বিয়োগ এক অপূৰণীয় ক্ষতি ৷ প্ৰয়াত কুল বৰুৱাদেৱৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ ৷ pic.twitter.com/c5XjS9AXN8
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) February 25, 2021