আনৰ আঁঠু-উৰুত ধাতুৰ ৰড লৈ কৰ্কটক নেওচি মহাকাশলৈ যাব হেলে

Hayley Arceneaux gty ps

দুৰাৰোগ্য হাড়ৰ কৰ্কটত কাহিল হৈছিল মাত্ৰ ১০ বছৰ বয়সতে । ইয়াৰ ১৯ বছৰৰ পাছত মহাকাশত উপঙি ফুৰাৰ বাবে সাজু হৈছে হেলে আৰ্ছেন’য়াক্স । মাত্ৰ ২৯ বছৰ বয়সতে মহাকাশ ভ্ৰমণ কৰি অভিলেখো প্ৰতিষ্ঠা কৰিব এই যুৱতীয়ে । কিয়নো ইমান কম বয়সত আমেৰিকাৰ কোনো লোক আজিকোপতি মহাকাশলৈ যোৱা নাই ।

মাত্ৰ কেইমাহ মানৰ পাছতে মহাকাশযানত উঠিব হেলে । প্ৰদক্ষিণ কৰিব পৃথিৱীৰ ইটোৰ পাছত সিটো কক্ষপথ । এই যাত্ৰাত হেলেৰ সংগী হ’ব বিশিষ্ট উদ্যোগপতি জাৰেড আইজেকমেনসহ তিনিজন লোক । এই চাৰিজন লোকৰ জৰিয়তেই প্ৰথমবাৰলৈ ব্যক্তিগত মহাকাশ ভ্ৰমণ অভিযান আৰম্ভ কৰিব এলন মাস্কৰ স্পেচ-এক্স কোম্পানীয়ে ।

অৱশ্যে ইয়াৰ বাবে চাৰিওজনেই নিজৰ গাঁঠিৰ ধন ভাঙিব লগীয়া হৈছে । অৰ্থাৎ ব্যক্তিগত খৰচতেই তেওঁলোক এই বিৰল অভিজ্ঞতাৰ সোৱাদ ল’ব ।

উল্লেখ্য যে টেনছিৰ বাসিন্দা হেলে মাত্ৰ ১০ বছৰ বয়সতে আঁঠুৰ হাড়ৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল । দীৰ্ঘদিন ধৰি তেওঁৰ চিকিৎসা চলিছিল মেম্ফিছৰ ছেইণ্ট জুড চিলড্ৰেন্স ৰিছাৰ্চ হাস্পতালত । অস্ত্ৰোপচাৰ কৰি কৰ্কটত আক্ৰান্ত আঁঠুটো কাটি পেলোৱা হয় ।

ইয়াৰ পৰিৱৰ্তে হেলেৰ শৰীৰত যুক্ত হয় আন কোনো লোকৰ আঁঠু । বাঁও ভৰিৰ উৰুত সংস্থাপন কৰা হৈছিল টাইটানিয়াম ধাতুৰে নিৰ্মিত ৰড । লক্ষ্যণীয়ভাৱে কৰ্কটৰ পৰা মুক্তিৰ পাছত এতিয়া উক্ত হাস্পতালত মেডিকেল সহকাৰীৰূপে কৰ্মৰত হেলে ।

হেলেই কয়, ‘এতিয়াও মই বাঁও আঁঠু আৰু উৰুত যন্ত্ৰণা অনুভৱ কৰো । সেই যন্ত্ৰণা সহ্য কৰি কৰিয়েই মই মহাকাশলৈ যোৱাৰ দৰে ‘ৰিস্ক’ আৰু ‘চাপ’ ল’বলৈ শিকি পেলাইছো ।’ হেলেই লগতে জনায় যে, কম বয়সতে যিসকল দুৰাৰোগ্য কৰ্কটত আক্ৰান্ত, তেওঁলোককো এই মহাকাশ ভ্ৰমণৰ মাধ্যমেৰে তেওঁ আশাৰ পোহৰ দেখুওৱাব খোজে ।

স্পেচ-এক্সৰ তৰফৰ পৰা জনোৱা হৈছে যে মহাকাশ ভ্ৰমণৰ পৰত বাকী ভ্ৰমণসংগী তিনিজনৰ স্বাস্থ্য বিষয়াৰূপেই হেলেই দায়িত্ব পালন কৰিব ।

‘নিৰ্বাচিত হৈছে ।’ এই কথা জনাই ৰোৱা জানুৱাৰীতে স্পেচ-এক্সৰ তৰফৰ পৰা হেলেলৈ ফোন আহিছিল । হেলে সেই সময়ত মিম্ফিছত আছিল । স্পেচ-এক্সৰ তৰফৰ পৰা তেওঁক সুধিছিল, ‘আপুনি মহাকাশলৈ যাব বিচাৰে নেকি ?’ লগে লগে উত্তৰ দিছিল হেলেই, ‘হয়, হয় । কিয় নাযাম ? মহাকাশলৈ যোৱাৰ বাবে মই উদগ্ৰীৱ হৈ আছো ।’ হেলেই জনাইছে যে সেই ফোন পোৱাৰ পাছতে সুখবৰটো প্ৰথমে জনাইছিল লুইজিয়ানাত থকা তেওঁৰ মাতৃক ।

Exit mobile version