সেৰফানগুৰী ৰামফলবিল আঞ্চলিক কোচৰাজবংশী সন্মিলনীৰ ৪৬তম দ্বিবাৰ্ষিক অধিবেশন সম্পন্ন

WhatsApp Image 2021 02 28 at 6.53.22 PM

২৬ আৰু ২৭ ফেব্ৰুৱাৰীত দুইদিনীয়া কাৰ্যসূচীৰে দেৱৰগাঁও চিলাৰায় ভৱনত সেৰফানগুৰী ৰামফলবিল আঞ্চলিক কোচৰাজবংশী সন্মিলনী আৰু মহিলা সন্মিলনীৰ ৪৬তম দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত হয় । লগতে ৫১১ বিশ্ব মহাবীৰ চিলাৰায় দিৱসো উদযাপন কৰা হয় ।

উক্ত অনুষ্ঠানৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পূৱা ন বজাত কাৰ্যকৰী সভাৰ লগতে শ্ৰী শ্ৰী ঠাকুৰ পঞ্চানন স্মৃতি সংঘৰ কাৰ্যকৰী সভা আৰু প্ৰতিনিধি পঞ্জিয়ণ কৰি অনুষ্ঠানৰ উদ্বোধন কৰা হয় । দিনৰ এক বজাত দুপৰীয়াৰ ভোজন পৰ্বৰ পাছত পুনৰ প্ৰতিনিধি সভা আৰম্ভ কৰে ।

দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পূৱা আঠ বজাত স্বগোষ্ঠীয় পতাকা উত্তোলন কৰে মহিলা সন্মিলনীৰ সভানেত্ৰী কনকলতা ৰায়ে । সন্মিলনীৰ সভাপতি নৰত্তোম ৰায়ে মূল সন্মিলনীৰ পতাকা উত্তোলন কৰাৰ লগে লগে নেপাল পাৰা, দেৱৰগাঁও, ৰামফলবিল, কলবাৰী, জাফ্লং, হোকমাবিল আৰু শ্যামঠাইবাৰী আদি প্ৰাথমিক সমিতিসমূহৰ পতাকাও উত্তোলন কৰে ।

ইয়াৰ পাছত মংগল ধ্বনীৰ মাজেৰে বিশ্বমহাবীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিত মাল্যঅৰ্পন কৰে আঞ্চলিক সমিতি উপদেষ্টা লক্ষীকান্ত ৰায়ে । বিশ্বমহাবীৰজনৰ প্ৰতিচ্ছবিত মাল্যঅৰ্পনৰ পিছতে শ্বহীদ বেদীত মাল্যঅৰ্পন অনুষ্ঠানো অনুষ্ঠিত হয় ।

দিনৰ ১১ বজাৰ পৰা মহিলা সন্মিলনীৰ প্ৰতিনিধি সভা অনুষ্ঠিত কৰাৰ পাছতে এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । উক্ত আলোচনা চক্ৰতে সেৰফানগুৰী ৰামফলবিল আঞ্চলিকৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । আলোচনা চক্ৰখনত আলোচক হিচাপে উপস্থিত থাকে বিশ্বজীৎ ৰায়, ধনপতি ৰায়, হৰিপ্ৰসাদ ৰায়, প্ৰানেশ্বৰ ৰায়, ললিত ৰায়, নিৰঞ্জন ৰায় আদিয়ে ।

Exit mobile version