বজালী জিলাৰ বামাখাটা খুটাৰগুৰীত আজি উদ্ধাৰ হয় এটি দুষ্প্ৰাপ্য কাছ৷ উল্লেখ্য যে আজি দিনৰ ভাগত বামাখাটা খুটাৰগুৰী গাওঁৰ ৰাজহুৱা পুখুৰীটো গাওঁখনৰ প্ৰায় ২৫ জন যুৱকে সিচি থকা অৱস্থাত পানীৰ তলত অকস্মাত এটি কাছ দেখিবলৈ পায়৷ কিন্তু ইয়াৰ খন্তেক পিছতে কাছটো বোকাৰ মাজত লুকাই পৰাত যুৱককেইগৰাকীয়ে বহু সময় ধৰি বোকা গছকি বিচৰি অৱশেষত অতি দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
কাছটো উদ্ধাৰ কৰি মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাউজিগেন্দ্ৰী ইকো টুৰিজিম সমিতিৰ সতে যোগাযোগ কৰি কাছটো তেওঁলোকক গোটাই দিয়ে৷ অতি দুষ্প্ৰাপ্য প্ৰজাতিৰ আনুমানিক দুই কিলোগ্ৰাম ওজনৰ কাছটো উদ্ধাৰ হোৱাৰ পিছতে কাছটো প্ৰত্যক্ষ কৰিবলৈ গাওঁখনত বহুলোকৰ সমাগম হয়৷