আধ্যাত্মিক নেতা দালাই লামাই ল’লে এণ্টি-ক’ৰনা ভাইৰাছৰ প্ৰথম পালি ভেকছিনৰ

1615017486 5496

তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাক শনিবাৰে পুৱা হিমাচল প্ৰদেশৰ ধৰ্মশালা জোনাল চিকিৎসালয়ত ভেকছিনৰ প্ৰথম পালি প্ৰদান কৰা হয় ।

আধ্যাত্মিক নেতাজনৰ প্ৰথম পালি ভেকছিনৰ সুবিধা প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰ আৰু হিমাচল প্ৰদেশৰ ব্যৱস্থাক ধন্যবাদ জনালে দালাই লামাৰ কাৰ্যালয়ে।

২০২১ চনৰ ছয় মাৰ্চত ভাৰতৰ এইচপিৰ ধৰ্মশালাৰ জোনাল চিকিৎসালয়ত ক’ভিড- ১৯ ৰ ভেকছিনৰ প্ৰথম পালি গ্ৰহণ কৰে পবিত্ৰ দলাই লামাই।

ভেকছিন গ্ৰহণ পাছত তেওঁ সকলোকে আগবাঢ়ি আহিবলৈ আৰু বৃহত্তৰ লাভৰ বাবে নিজকে টিকা কৰণ কৰিবলৈ আহ্বান জনায়।

Exit mobile version