কৰ’না প্ৰতিষেধক গ্ৰহণ কৰি ট্ৰলৰ সন্মুখীন হ’ল ছেইফ আলি খান

Saif Ali Khan

শুকুৰবাৰে বলিউড তাৰকা ছেইফ আলী খানে ল’লে শুক্ৰবাৰে কৰ’না ভেকছিন । এই সপ্তাহৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’না ভেকছিন লোৱাৰ পাছৰে পৰাই এজনৰ পাছত এজন তাৰকাকে ধৰি ৰাজনৈতিক নেতাই লৈছে ভেকছিন।

দক্ষিণতাৰকা কমল হাচানকো শেহতীয়াকৈ ক’ভেক্সিন লোৱা দেখা গৈছে। সেই তালিকাত ছইফৰ নামও যোগ কৰা হয় ।ছ’চিয়েল মিডিয়াত অভিনেতা ছেইফৰ ভেকছিন লোৱা ফটো ভাইৰেল হোৱাৰ লগতে ফটোখনক লৈ অভিনেতাজন এতিয়া বহুতো ট্ৰ’লৰ সন্মুখীন হৈছে।

অনুৰাগীসকলৰ প্ৰশ্ন ‘তাণ্ডৱ’ৰ তাৰকাজনে কেনেকৈ ক’ভিডৰ প্ৰথম পালি ভেকছিন ল’লে?কাৰণ অভিনেতাজন এতিয়াও ৬০ বছৰীয়া হোৱা নাই! এজনে লিখিছে, ‘বৃদ্ধসকলে শাৰীত থিয় হৈ থাকোঁতে তেওঁলোকে কেনেকৈ ভেকছিন গ্ৰহণ কৰি আছে? আন এজনে লিখিছে, ‘তেওঁৰ বয়স ৬০ বছৰ নেকি?মুম্বাইৰ এটা ভেকছিন কেন্দ্ৰৰ বাহিৰত দেখা যায় ছেইফক। ছেইফে মাস্ক পৰিধান কৰাৰ পৰিবৰ্তে ৰঙা ৰুমালেৰে মুখ বান্ধিছিল। বহুতে সেইটোত প্ৰশ্ন উত্থাপন কৰিছে।

তেওঁলোকে দাবী কৰে যে মাস্ক পিন্ধাৰ কোনো প্ৰয়োজন নাই কিন্তু ভেকছিন লোৱাৰ প্ৰয়োজনীয়তা আছে। আন এজনে ঠাট্টাকৰি লিখিছিল, ‘এতিয়াৰ পৰা, ছেইফও সুৰক্ষিত’।

Exit mobile version