নুমলীগড়ৰ তেলগৰমৰ যুৱকসকলৰ উদ্যোগত গঢ় লৈ উঠা স্বেচ্ছাসেৱী সংগঠন ‘ইউনিকৰ্ণ ফাউণ্ডেচন’ৰ আজি ২ নং পংকাগ্ৰাণ্টত কাৰ্যালয়গৃহৰ উদ্বোধন কৰা হয় । সংগঠনটোৰ সভাপতি প্ৰশান্ত বৰাই আঁত ধৰা অনুষ্ঠানত অঞ্চলটোৰ বিশিষ্ট সমাজকর্মী দিলীপ বৰাই ফিটা কাটি কাৰ্যালয়গৃহটো উদ্বোধন কৰে ।
ADVERTISEMENT
লগতে তেওঁ যুৱশক্তিৰ এনে মহৎ পাদক্ষেপে সমাজ সুন্দৰ কৰি তোলে বুলি বক্তব্য আগবঢ়ায়। তদুপৰি, অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট ব্যক্তিসকল ক্ৰমে মৃদুল ফুকন, পৰাগ হাজৰিকা, দিলীপ বৰা, প্ৰশান্ত ফুকন, অনন্ত শইকীয়া, ভাৰত বৰা, যোগেন বৰুৱা, অৰুণ শইকীয়া আদিয়েও বক্তব্য প্ৰদান কৰে। সম্পাদক অভিজিত বৰুৱাই শলাগৰ শৰাই আগবঢ়ায়।