অসম বিধানসভাৰ ২৯ নং পশ্চিম কোকৰাঝাৰ সমষ্টিত ইউ পি পি এলৰ ৰাজু নাৰ্জাৰীক প্ৰাৰ্থীৰ দাবী

WhatsApp Image 2021 03 08 at 7.07.39 PM

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ভাওৰাগুৰীত আজি ইউ পি পি এল দলৰ কৰ্মকৰ্তাসকলে ২৯ নং পশ্চিম কোকৰাঝাৰ (জনজাতি) বিধানসভা সমষ্টিত ৰাজু নাৰ্জাৰীক ইউ পি পি এলৰ প্ৰাৰ্থীত্ব বিচাৰি ঊৰ্ধ্বতম কৰ্তৃপক্ষক অনুৰোধ জনাই এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে ।

অনুষ্ঠানখনত ইউ পি পি এল জিন্দাবাদ, ৰাজু নাৰ্জাৰী জিন্দাবাদ, ৰাজু নাৰ্জাৰীক প্ৰাৰ্থীত্ব লাগিবই আদি ধ্বনি দি আকাশ বতাহ উত্তাল কৰি তোলে । ৰাজু নাৰ্জাৰীক প্ৰাৰ্থীত্ব নিদিলে দলৰ হৈ কাম নকৰাৰ অৰ্থাৎ দল ত্যাগ কৰাৰ হুংকাৰ দিয়ে ইউ পিপিএল দলৰ দলীয় কৰ্মকৰ্তাৰ লগতে দলীয় সমৰ্থকসকলে ।

উল্লেখ্য যে, মনোৰঞ্জন ব্ৰহ্ম নামৰ প্ৰতিষ্ঠিত ব্যৱসায়ীজন ইউ পিপিএল দলত যোগদান কৰাৰ পাছতে দলীয় সমৰ্থকসকলৰ মাজত এনে ধৰণৰ ক্ষোভৰ সৃষ্টি হৈছে বুলি সমাজ সচেতন মহলে অনুমান কৰিছে ।

কে’বাশতাধিক লোকে এনে ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতো ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ৱে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াই লক্ষনীয় হ’ব ।

Exit mobile version