‘ছাইনা’ ৰ ট্ৰেইলাৰ মুক্তিৰ পাছতে আৰম্ভ হ’ল ট্ৰলিঙ কি কলে অভিনেত্ৰী পৰিনীতি চোপ্ৰাই

saina film parineeti chopra 1200

কিছুদিনৰ পূৰ্বেই মুক্তি পালে ছাইনা ট্ৰেইলাৰ ।বিখ্যাত বেডমিণ্টন তাৰকা ছাইনা নেহৱালৰ জীৱনীমূলক ছবি ছাইনাৰ ভূমিকাত অভিনয় কৰিছে বলিউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰাই ।এক মিনিট ২৩ ছেকেণ্ডৰ ট্ৰেইলাৰত মিশ্ৰিত প্ৰতিক্ৰিয়া দৰ্শকৰ । বহুতে এনে ধৰণৰ বিষয় বাছি লোৱাৰ বাবে নির্মাতাসকলক প্ৰশংসাও কৰিছে। লগতে ছাইনাৰ ৰূপত অভিনেত্ৰী পৰিনীতিক দেখিও মুগ্ধ হ’ল একাংশ।

তাৰ মাজতে একাংশই আকৌ ট্ৰ’ল কৰিবলৈও এৰি দিয়া নাই ছাইনাৰ ট্ৰেইলাক। আন্তৰ্জাতিক মহিলা দিৱসত ছবিখনৰ ট্ৰেইলাৰ মুক্তি অনুষ্ঠানত চলি থকা ট্ৰলিংৰ ওপৰত প্ৰশ্ন কৰিছিল সংবাদ মাধ্যমে। তেওঁক প্ৰশ্ন কৰা হয় যে ছবিখনৰ বিষয়ে নেতিবাচক মন্তব্যক কি দৰে লৈছে অভিনেত্ৰীগৰাকীয়ে।

সেই প্ৰসংগত অভিনেত্ৰীগৰাকীয়ে কয় যে যদি এটা বিষয়ত সঠিক সমালোচনা হয়, তেন্তে তেওঁ ইয়াক ইতিবাচক বুলি ভাবে। তেওঁ কয়, ‘মই প্ৰকৃততে বেলেগভাবে ভাবো। যদি মই ভাবো কোনো ব্যক্তি সঠিক, মই তেওঁক কওঁ, হয়, আপুনি যি কৈছে সেয়া সঠিক। মই আপোনাৰ স’তে সন্মত। লগতে তেওঁ কয় যে অযথা ট্ৰলৰ বাবে চিন্তিত নহয় অভিনেত্ৰীগৰাকী। তেওঁ দীৰ্ঘদিন ধৰি আন সোৱাদৰ ছবি কৰিব বিচাৰিছিল। ছাইনাৰ হাত ধৰি, সাধনা অৱশেষত পূৰণ হ’ল বুলিও কয় অভিনেত্ৰী পৰিনীতি চোপ্ৰাই। ছবিখন ২৬ মাৰ্চত মুক্তি পাব।

Exit mobile version