ভাওৰাগুৰীত বিপিএফৰ নিৰ্বচনী পৰিচালনা সমিতি গঠনৰ বাবে আহ্বায়ক সমিতি গঠন 

WhatsApp Image 2021 03 11 at 5.53.12 PM

কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ নিৰ্বাচন পৰিচালনা কৰিবলৈ সমিতি গঠনৰ বাবে বিপিএফে ভাওৰাগুৰীত এখন সভা অনুষ্ঠিত কৰে । উক্ত সভাত উপস্থিত থাকে কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, বিপিএফৰ কোকৰাঝাৰ জিলাৰ সভাপতি দেৰহাসাৎ বসুমাতাৰী, প্ৰাক্তন ইএম তথা এমছিএলএ দ্বয় দনেশ্বৰ গয়াৰী আৰু ৰাজিব ব্ৰহ্ম, বক্তাৰ আলী, গুমা সমষ্টিৰ এমছিএলএ ৰহিন্দ্ৰ ব্ৰহ্ম , দোতমা সমষ্টিৰ এমছিএলএ প্ৰকাশ বসুমাতাৰী ।

বিটিচিৰ প্ৰাক্তন ইএম শোভাৰাম বসুমাতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ নিৰ্বাচন পৰিচালনা কৰিবলৈ নিৰ্বাচন পৰিচালনা সমিতি গঠনাৰ্থে এখন আহ্বায়ক সমিতি গঠন কৰে । সভাত এমএলএ মাজেন্দ্ৰ নাৰ্জাৰী, দেৰহাসাৎ বসুমাতাৰী, ৰহিন্দ্ৰ ব্ৰহ্ম, ৰাজিব কুমাৰ ব্ৰহ্ম, নৰপতি ব্ৰহ্ম আদিকে ধৰি কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ অধিনস্থ বিপিএফ ব্লক সমিতিৰ সভাপতি সম্পাদকসকলক লৈ আহ্বায়ক সমিতি গঠন কৰা হয় ।

আজিৰ আহ্বায়ক সমিতি গঠন সভাতেই ইউপিপিএল , জিএছপি দল ত্যাগ কৰি এক কুৰিৰো অধিক লোকে বিপিএফ দলত যোগদান কৰে । নতুনকৈ যোগদান কৰা সকলক ফুলাম গামোচাৰে আদৰণি জনায় আৰু সমাগত  অসম বিধানসভা নিৰ্বাচনত বিপিএফ দলৰ হৈ কাম কৰিবলৈ আহ্বান জনায় ।

Exit mobile version