বিটকইন নিষিদ্ধ কৰিব ভাৰতে, দেশীয় ক্রিপ্ট’কাৰেন্সি প্রৱর্তনৰ প্রস্তুতি কেন্দ্ৰৰ

2020 11 24T133928Z 788862449 RC2P9K9XL48K RTRMADP 3 CRYPTO CURRENCIES

বিটকইনসহ ক্রিপ্ট’কাৰেন্সি ভাৰতত পূর্বৰে পৰা নিষিদ্ধ হােৱাৰ পাছতাে এনে মুদ্ৰাৰ লেনদেন একাংশ ভাৰতীয়ই কৰি আহিছে। এইবাৰ আইন প্ৰৱৰ্তনৰে দেশত ক্রিপ্ট’কাৰেন্সি নিষিদ্ধ কৰাৰ সিদ্ধান্ত ল’লে কেন্দ্রীয় চৰকাৰে।

বিটকইনৰ লেনদেন প্রমাণিত হলে ফৌজদাৰী অপৰাধৰ ধাৰাও যুক্ত হ’ব প্রস্তাৱিত বিধেয়কত। এই খবৰ প্ৰকাশৰ পাছতে বিটকইনৰ মূল্য যথেষ্ট হ্রাস পালে। শনিবাৰে বিটকইনৰ সর্বোচ্চ মূল্য আছিল ৬১,৭৮১ ডলাৰ, কিন্তু সােমবাৰে পাঁচ শতাংশ মূল্য হ্রাসৰে ই ৫৫,৮৬৫ ডলাৰ হয়।

২০১৯ৰ জুলাইত ভাৰতত বিটকইনসহ সকলাে ক্রিপ্ট’কাৰেন্সিৰ লেনদেন ৰিজাৰ্ভ বেংকে বন্ধ কৰিছিল। ফলত এই মুদ্রা নিষিদ্ধ নহ’লেও ইয়াৰ লেনদেন ভাৰতত বন্ধ হৈছিল। ২০১৯ তে ৰিজাৰ্ভ বেংকে কৈছিল যে ভাৰতে নিজস্ব ক্রিপ্ট’কাৰেন্সি তৈয়াৰ কৰা চিন্তা-ভাৱনা কৰিছে।

Exit mobile version