অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে আজি গোসাঁইগাঁৱত বিপিএফৰ দুগৰাকী প্ৰাৰ্থীয়ে বিশাল সমদলেৰে মনোনয়ন দাখিল কৰে ৷ ২৮ নং গোসাঁইগাঁও বিধানসভা সমষ্টিৰ পৰা বিপিএফৰ প্ৰাৰ্থী মাজেন্দ্ৰ নাৰ্জাৰী আৰু ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীয়ে গোসাঁইগাঁও মহকুমা নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়নপত্ৰ দাখিল কৰে ৷
মনোনয়নৰ প্ৰাক মুহুৰ্তত প্ৰাৰ্থী দুগৰাকীয়ে প্ৰকাশ কৰে যে, কোকৰাঝাৰ জিলাৰ তিনিওটা সমষ্টি বিপিএফে দখল কৰাৰ লগতে বিটিএডিৰ সকলো সমষ্টি জয়ী হৈ মহাজোঁটে চৰকাৰ গঠন কৰিব ৷
মনোনয়ন পত্ৰ জমা দিয়াৰ পাছত কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী তথা বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে সাংবাদিকৰ সাক্ষাৎত কয় যে, এতিয়া বিটিচিত পৰিৱৰ্তনৰ নামত কমিছন ৰাজ চলি আছে । সেয়ে এতিয়া ৰাইজে ইউপিপিএল চৰকাৰৰ পৰা পৰিত্ৰান বিচাৰিছে ।
ইপিনে, আজি গোসাঁইগাঁৱত ইউপিপিএলৰ দুগৰাকী প্ৰাৰ্থীয়ে বিশাল সমদলেৰে মনোনয়ন দাখিল কৰে ৷ ২৮ নং গোসাঁইগাঁও বিধানসভা সমষ্টিৰ পৰা ইউপিপিএলৰ প্ৰাৰ্থী সোমনাথ নাৰ্জাৰী আৰু ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মই গোসাঁইগাঁও জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে ৷