পৰৱৰ্তী ৬০ দিনৰ বাবে অভিনেত্ৰী গৌহৰ খানৰ শ্বুটিংত নিষেধাজ্ঞা জাৰি। কোনো প্ৰকাৰৰ অভিনয় কৰিব নোৱাৰিব অভিনেত্ৰীগৰাকীয়ে । ফেডাৰেচন অফ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এমপ্লইজে (এফডব্লিউআইচিই) গৌহৰলৈ এটা অসহযোগ জাননী প্ৰেৰণ কৰিছে।
অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ ,কৰ’না প্ৰতিবেদন ইতিবাচক হোৱাৰ স্বত্বেও তেওঁ দৃশ্যগ্ৰহণৰ কাম অব্যাহত ৰাখিছে । বৃহমুম্বাই পৌৰ নিগমে (বিএমচি) এটা টুইটত এই খবৰটো প্ৰকাশ কৰিছে যদিও অভিনেত্ৰীগৰাকীৰ নাম উল্লেখ কৰা হোৱা নাই।
মুম্বাই সংবাদ মাধ্যমে জনাইছিল যে বিএমচিয়ে অভিনেত্ৰী গৌহৰ খানৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযোগ দাখিল কৰিছিল। বিএমচি বিষয়াসকলে অভিনেত্ৰীগৰাকীৰ ঘৰ বিচাৰি যোৱাত তেওঁক ঘৰত পোৱা নাছিল । কিন্তু ক’ভিড সংক্ৰমিত হোৱাৰ পাছত অভিনেত্ৰী গৌহৰ খান ঘৰত থকাৰ কথা আছিল।
তাৰ পাছত ওচিয়াৰা আৰক্ষী থানাত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এটা অভিযোগ দাখিল কৰা হয়। সেই সময়ত অভিনেত্ৰীগৰাকীৰ জন সম্পৰ্কৰ কৰ্মচাৰীয়ে কয়, “অভিযোগবোৰ মিছা। গৌহৰ খানৰ ক’ভিড প্ৰতিবেদন নেতিবাচক হৈছে। ”
অভিনেত্ৰীসকলৰ পিআৰ দলে ‘ভিত্তিহীন’ অভিযোগ দাবী কৰিছে আৰু তেতিয়াই গৌহৰ খানলৈ এটা অসহযোগ জাননী প্ৰেৰণ কৰিছে। তেওঁৰ ওপৰত ক’ভিডৰ নিয়মাৱলী পালন নকৰাৰ অভিযোগ আছে। অভিনেত্ৰীগৰাকীয়ে টুইটাৰত জাননীৰ প্ৰতি সঁহাৰি দি লিখিছে, ‘সত্যৰ জয় হ’ব’।
এফ ডব্লিউ আইচিৰ বিবৃতি অনুসৰি, গোহাৰ খানে কেৱল নিজে নহয়, তেওঁৰ স’তে আন বহুত শিল্পীৰ জীৱন বিপদত পেলাইছে। শিল্পী সন্থাৰ সদস্যসকলক এই দুমাহৰ বাবে গোহাৰৰ স’তে কোনো কাম নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।