ধোনিৰ অভিলেখ স্পৰ্শ কৰিলে আফগান অধিনায়ক আছগৰে

asghar afghan 1

টি-২০ ক্ৰিকেটত অধিনায়ক হিচাপে আটাইতকৈ বেছি আন্তৰ্জাতিক খেল জয় কৰিছে মহেন্দ্ৰ সিং ধোনিয়ে । এই কৃতিত্ব অতিক্ৰম কৰিলে এইবাৰ আফগানিস্তানৰ অধিনায়ক আছগৰ আফগানে ।

২০০৭ত টি-২০ বিশ্বকাপ জয়ী ভাৰতৰ অধিনায়কে ৭৩খন খেলত নেতৃত্ব দি ৪১খন খেল জয় কৰিছিল । আছগৰে ইতিমধ্যে ৫৩খন টি-২০ খেলত নেতৃত্ব প্ৰাদান কৰিছে । জয়ৰ শতাংশৰ হিচাপত আগবাঢ়ি আছে আফগান অধিনায়ক ।

ধোনিৰ জয়ৰ শতাংশ মান ৫৯.২৮ শতাংশ আৰু আছগৰৰ ৮১.৩৭ শতাংশ । ৫১খন খেলত নেতৃত্ব প্ৰাদান কৰি মাত্ৰ ন খন খেলত পৰাজিত হৈছে আছগৰ । টি-২০ ক্ৰিকেটত ধোনি পৰাজিত হৈছিল ২৮খন খেলত ।

জিম্বাবুয়েৰ বিৰুদ্ধে তিনিখন খেলৰ ছিৰিজত ২-০ আগবাঢ়ি আছে আফগান । ছিৰিজ জয়ৰ পাছত শেষ খেল জয় কৰাৰো সম্ভাৱনা আছে আফগানিস্তানৰ ।

Exit mobile version