ছলমান খানৰ ভাগিনী অলিজে অগ্নিহোত্ৰিয়ে আত্মপ্ৰকাশ কৰিব বলীউড জগতত

Salman Khans niece Alizeh Agnihotri is a vision becomes the face of a bridal couture line

জনপ্ৰিয় অভিনেতা ছলমান খান পৰিয়ালৰ আন এগৰাকী সদস্যই ভৰি দিব বলীউডত । অভিনেতাজনৰ ভাগিনী অলিজে অগ্নিহোত্ৰি আহিব কেমেৰাৰ সন্মুখত । সূত্ৰ অনুসৰি, সুৰজ বৰজাতিয়াৰ পুত্ৰ অবনিশ বৰজাতিয়াৰ চলচ্চিত্ৰত অভিনয় কৰিব অলিজেই । অলিজেৰ বিপৰীতে অভিনয় কৰিব সানি দেৱলৰ পুত্ৰ ৰাজবীৰে । অৱশ্যে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে ঘোষণা হোৱা নাই এই তথ্য ।

অবনিশৰ আগন্তুক চলচ্চিত্ৰ ‘ৰোমেণ্টিক কমেদি’ৰ আধাৰত নিৰ্মিত হ’ব । ছলমানৰ ভগ্নী অলভিৰা খান আৰু অতুল অগ্নিহুত্ৰীৰ কন্যা অলিজে । অলিজেই ২০১৯ত ছলমানৰ ‘দবং’ চলচ্চিত্ৰৰে বলীউডত আত্মপ্ৰকাশ কৰিব বুলি উৰাবাতৰি বিয়পি পৰে । সেই সময়ত অতুলে বাতৰিটো ভুৱা বুলি জনায় ।

অতুলে কয়, ‘এইটো ভুৱা বাতৰি । কাৰণ অলিজেক এতিয়াই কাষ্ট কৰা সঠিক নহয় আৰু কাষ্ট কৰাৰ কথা পৰিকল্পনাও কৰা নাই । মই বাতৰি কাকততো খবৰটো পঢ়িছো কিন্তু খবৰটো সঁচা নহয় । ইণ্ডাষ্ট্ৰীৰ জগতখন বহুত অদ্ভুত ‌। ইয়াত কিবা ক’লেও দোষ, নক’লেও দোষ । মানুহে যে তাইক লৈ আলোচনা কৰিছে, সেইটোৱে আশীৰ্বাদস্বৰূপ ।’

অলিজেৰ পিতৃ এজন প্ৰসিদ্ধ অভিনেতা তথা পৰিচালক । ছলমানৰ স’তে কে’বাটাও কামো কৰিছে তেওঁ ।

Exit mobile version