ৰাইজেই পাতি দিলে ৰজা, ৰাইজেই দিলে পহু খেদা। এই ঘটনা পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ। ‘NO ROAD-NO VOTE’, পৱন কুমাৰ মূর্দাবাদ ধ্বনিৰে ক্ষোভিত জনতাই পৰিৱেশ উত্তাল কৰি তুলিছে পশ্চিম কাৰ্বি আংলঙৰ নৱাইবিল আৰু লামছাখাং অঞ্চল।
সুদীৰ্ঘ ৯-১০ বছৰ ধৰি বিধ্বস্ত আৰু নিচিহ্ন হ’বলৈ ধৰা খেৰণি চাৰিআলি-লামছাখাং পথক লৈ জিয়াতো ভোগা জনতাই বিগত তিনি-চাৰি বছৰে উক্ত পথ মেৰামতিৰ বাবে চৰকাৰ তথা কাৰ্বি পৰিষদৰ পৰিষদীয় সদস্য পৱন কুমাৰক বাৰম্বাৰ কাকূতি-মিনতিৰ লগতে আবেদন কৰি আহিছিল।
বছৰৰ পাছত বছৰ উকলি যোৱাৰ পাছতো কোনো ফল নোপোৱাত এতিয়া উপায়ন্তৰ জনতাই বিধানসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত NO ROAD-NO VOTE, পৱন কুমাৰ মূর্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তুলিছে ।
ইপিনে আজি হঠাৎ অঞ্চলটোত পৱন কুমাৰ প্ৰচাৰৰ লক্ষ্যৰে উপস্থিত হোৱাত ৰাইজ আৰু অধিক উত্তেজিত আৰু ক্ষোভিত হৈ পৰাৰ লগতে পৱন কুমাৰে ৰাইজক উদ্দেশ্যি বুঢ়া আঙুলি দেখুওৱা বুলিও ৰাইজে অভিযোগ উত্থাপন কৰে। ইয়াৰ পাছতে এনে পৰিৱেশ দেখি জনপ্ৰতিনিধিগৰাকীয়ে সেই স্থান ত্যাগ কৰিবলৈ বাধ্য হয় তথা আঁতৰি যায়।
লগতে ক্ষোভিত জনতাই এইবাৰ কোনো এটা ৰাজনৈতিক দলৰ প্ৰাৰ্থীক ভোট দান নকৰি NOTAত ভোট দান কৰিব বুলিও মন্তব্য কৰে।