অসম বিধানসভা নির্বাচনত অন্যান্য বিষয়ববীয়াসকলৰ লগতে সাংবাদিকসকলকো নিৰ্বাচন আয়োগে পৰিচয় পত্র প্ৰদান কৰে। উক্ত পৰিচয় পত্রৰ পৰা একাংশ সাংবাদিক বঞ্চিত হোৱা ঘটনাই সাংবাদিক মহলত উদ্বেগ সৃষ্টি কৰিছে। সাংবাদিকসকলে নিৰ্বাচন আয়োগৰ পৰা পৰিচয় পত্র বিচাৰি জিলা আৰু মহকুমাৰ জনসংযোগ বিষয়ালৈ আবেদন কৰিছে যদিও এই পৰিচয় পত্রৰ পৰা একাংশ সাংবাদিকক বঞ্চিত কৰা পৰিলক্ষিত হৈছে ।
উল্লেখ্য যে, সাংবাদিকসকলে আবেদন কৰাৰ পাছতো কাৰ্যালয়ৰ পৰা নথি-পত্র হেৰাই যোৱাৰো গুৰুতৰ অভিযোগ আছে ।
কোকৰাঝাৰ জিলাৰ অধীনত অনুষ্ঠিত ভিআইপি, ভিভিআইপি উপস্থিত হোৱা কাৰ্যসূচীসমূহতো একাংশ সাংবাদিকক পৰিচয় পত্র প্ৰদান কৰাৰ পৰা বিৰত ৰাখে কোকৰাঝাৰ জিলা আৰু গোসাঁইগাওঁ মহকুমাৰ জনসংযোগ বিভাগে।
ইতিমধ্যে পৰিচয় পত্রৰ পৰা বঞ্চিত সাংবাদিকসকলে উক্ত ঘটনাৰ উচিত তদন্ত বিচাৰি ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আবেদনো জনাব বুলি প্ৰতিবেদকক জানিবলৈ দিছে।
লগতে পৰিচয় পত্রৰ পৰা বঞ্চিত হোৱা সাংবাদিকসকলে এইবেলি অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বা-বাতৰি যোগান ধৰাত বহুতো অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। পৰিচয় পত্রৰ পৰা একাংশ সাংবাদিক বঞ্চিত হোৱাৰ ফলত বহুতো সংবাদ প্ৰতিষ্ঠানে নিৰ্বাচন সংক্রান্তিয় বাতৰিৰ পৰা বিৰত থাকিব লগা হ’ব ।
সেয়ে পৰিচয় পত্রৰ পৰা বঞ্চিত সাংবাদিকসকলে নিৰ্বাচনৰ পূৰ্বেই ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগলৈ আহ্বান জনাইছে ।