কৰ’নাত আক্ৰান্ত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ (আৰএছএছ)ৰ মুখ্য মোহন ভাগৱত । তেওঁক নাগপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । কালি নিশা আৰএছএছে টুইট কৰি জনায় যে, ইতিমধ্যে তেওঁৰ অৱস্থা স্থিতিশীল ।
ADVERTISEMENT
টুইটত লিখা হয়, ‘ভাগৱতৰ দেহত ক’ভিডৰ সাধাৰণ উপসৰ্গ পৰিলক্ষিত হৈছে । তেওঁক নাগপুৰৰ কিংছৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সম্প্ৰতি তেওঁৰ চিকিৎসা অব্যাহত আছে ।’
সাত মাৰ্চত ক’ভিড প্ৰতিষেধকৰ প্ৰথমটো ড’জ গ্ৰহণ কৰিছিল ভাগৱতে । সেইদিনাই তেওঁৰ লগতে আৰএছএছৰ প্ৰাক্তন সম্পাদক সুৰেশ ভাইয়াজি জোশিয়েও প্ৰতিষেধক গ্ৰহণ কৰিছিল । নাগপুৰৰ কেন্সাৰ ইনষ্টিটিউটত ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰে তেওঁলোকে ।