ব্যৱহৃত মাস্কেৰে তৈয়াৰ কৰা হৈছে তোচক !

মহাৰাষ্ট্ৰৰ জলগাঁৱত সন্ধান পোৱা গ'ল কাৰখানাৰ

maharashtra times 1

ব্যৱহৃত মাস্কেৰে তোচক তৈয়াৰ কৰা এখন কাৰখানাৰ সন্ধান পোৱা গৈছে মহাৰাষ্ট্ৰৰ জলগাঁৱত । এই বাতৰিয়ে সম্প্ৰতি অঞ্চলটোত এই হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । উক্ত বিষয়ত আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছে ।

জলগাঁৱৰ এজন আৰক্ষী বিষয়াই জনায় যে, তেওঁলোকে এক গোপন সূত্ৰৰ দ্বাৰা খবৰ লাভ কৰে যে জলগাঁৱৰ কুসুম্বা গাঁৱৰ এটা কাৰখানাত তোচকত তুলাৰ পৰিৱৰ্তে ব্যৱহৃত মাস্ক ব্যৱহাৰ কৰা হৈছে । জলগাঁৱৰ অতিৰিক্ত আৰক্ষী ছুপাৰ চন্দ্ৰকান্ত গাওলিয়ে কয়, ‘কুসুম্বা গাঁৱৰ সেই কাৰখানাত উপস্থিত হৈ দেখো যে, ব্যৱহৃত মাস্কসমূহ গোটাই থোৱা আছে । তোচক তৈয়াৰ কৰোতে যে এইসমূহ ব্যৱহাৰ কৰা হৈছে তাৰো প্ৰমাণ পাইছো ।’

কাৰখানাৰ স্বত্বাধিকাৰী আমজদ মনছুৰিৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ দাখিল কৰিছে । ঘটনাটোৰ স’তে কোনোবা বৃহৎ চক্ৰ জড়িত হৈ আছে নেকি আৰক্ষীয়ে তাৰো তদন্ত চলাইছে বুলি জনায় গাওলিয়ে । ক’ভিড বিধি অনুসৰি মাস্কসমূহ জ্বলাই দিয়া হৈছে বুলিও জনায় আৰক্ষীয়ে ।

সংক্ৰমণৰ স’তে সংগতি ৰাখি বৃদ্ধি পাইছে মাস্কৰ চাহিদাও । প্ৰতিদিনে ডেৰ ইউনিট মাস্ক উৎপাদন কৰা হৈছে ভাৰতত । বিপুল পৰিমাণৰ মাস্ক ব্যৱহাৰৰ ফলত মেডিকেল আৱৰ্জনাও বৃদ্ধি পাইছে । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ তথ্য অনুসৰি, ২০২০ৰ জুনৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত ভাৰতত মেডিকেল আৱৰ্জনাৰ পৰিমাণ আছিল ১৮ হেজাৰ টন । ইয়াৰ ভিতৰত মাস্ক আৰু গ্ল’ভছৰ পৰিমাণে অধিক ।

Exit mobile version