ক’ভিড আক্ৰান্ত হ’ল বলীউডৰ জনপ্ৰিয় অভিনেতা ছনু ছুড । শুকুৰবাৰে বলীউডৰ অভিনেতাজনে নিজেই এই কথা তেওঁৰ ইনস্ট্রাগ্ৰাম একাউন্টত সদৰী কৰে ।
তেওঁ লিখিছে, ‘মই আজি ৰাতিপুৱা গম পালোঁ যে মই কৰ’না পজিটিভ । বৰ্তমানলৈকে অভিনেতাগৰাকীয়ে শ্বেয়াৰ কৰা এই প’ষ্টটোৰ দুই লাখতকৈও অধিক লোকে প্ৰত্যক্ষ কৰে।
অভিনেতাগৰাকীৰ অনুৰাগীসকলে খবৰটো জানি দুখিত। সকলোৱে ছনুৰ আশু আৰোগ্য কামনা কৰিছে ।
শ্বেয়াৰ কৰা পোষ্টটোত ছনুৱে হিন্দী আৰু ইংৰাজীত অনুৰাগীসকলক আশ্বাস দিয়ে, ‘শুক্ৰবাৰে ৰাতিপুৱা ফলাফল জনাৰ পিছতহে মই সকলো সাৱধানতা অনুসৰণ কৰি আছো।
মই বৰ্তমান কোৱাৰেন্টাইন হৈ আছোঁ আৰু নিজৰ যত্ন লৈ আছো। তাৰ পাছত তেওঁ দাবী কৰে, ‘সংক্ৰমণ টোৱে মোক যথেষ্ট সময় দিলে। এইবাৰ মই ঘৰত বহি আপোনাৰ সমস্যাবোৰ সাৱধানে সমাধান কৰিব পাৰো।
অভিনেতাজনে ক’বলৈ পাহৰা নাছিল যে তেওঁ সদায় তেওঁৰ অনুৰাগীসকলৰ কাষত আছে। ২০২০ চনত ছনুৰ ভূমিকা প্ৰশংসনীয় আছিল ।
মহাৰাষ্ট্ৰ, মুম্বাইত কৰ’না পুনৰ বৃদ্ধি পাইছে। অনুৰাগীসকলে ছনুৰ অসুস্থতাৰ বিষয়ে জানি দুখ প্ৰকাশ কৰিছে, ‘দেশত কৰ’না পুনৰ বৃদ্ধি পাইছে। পুনৰ আপোনাক প্ৰয়োজন হ’ব। সোনকালে সুস্থ হওক ।