অক্সিজেনৰ অভাৱত মধ্য প্ৰদেশৰ চিকিৎসালয়ত ১২ জন কৰ’না ৰোগীৰ মৃত্যু

2021 03 31T110030Z 1271101607 RC2AMM9UK3IL RTRMADP 3 HEALTH CORONAVIRUS YEMEN VACCINE 1617280445890 1618655573816

মধ্যপ্ৰদেশৰ শ্বাহডোল চিকিৎসা মহাবিদ্যালয়ত অক্সিজেনৰ অভাৱত ১২ জন কৰ’না ৰোগীৰ কৰুণ মৃত্যু । ঘটনাটো সংঘটিত হৈছে শনিবাৰে মাজনিশা ।

শ্বাহডোল চিকিৎসা মহাবিদ্যালয়ৰ ডিন ডাঃ মিলিন্দ শিৰালকাৰে কয় যে সেই ক’ভিড ১৯ পজিটিভ ৰোগীসকলৰ মৃত্যুৰ কাৰণ হৈছে চিকিৎসালয়ত অক্সিজেনৰ অভাৱ।

মৃতকৰ পৰিয়ালেও চিকিৎসালয়খনৰ বিৰুদ্ধে একে ধৰণৰ অভিযোগ উত্থাপন কৰিছে। কম অক্সিজেন যোগানৰ বাবে ১২ জন লোকৰ মৃত্যু হৈছে। শ্বাহডোলৰ অতিৰিক্ত জিলা সংগ্ৰাহক অৰ্পিত বাৰ্মাই অৱশ্যে অভিযোগসমূহ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে।

তেওঁ দাবী কৰে যে মৃত্যুৰ স’তে অক্সিজেনৰ অভাৱৰ কোনো সম্পৰ্ক নাই। এই অঞ্চলৰ শ্বাহডোল চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৰোগীসকলৰ বাবে সকলো ধৰণৰ ব্যৱস্থা আছে।

ঘটনাটোৰ পাছতে মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে মুখ খুলিছে। তেওঁ চৰকাৰক অক্সিজেনৰ বিষয়ে মিছা কোৱা বুলি অভিযোগ কৰিছিল। প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে শিৱৰাজ সিং চৰকাৰৰ ওপৰত অৱহেলাৰ অভিযোগ তুলি টুইট কৰিছে।

তেওঁৰ কথাত, ‘ভূপাল, ইন্দোৰ, উজ্জয়িনী, সাগৰ, জবলপুৰ আৰু খাৰ্গোনৰ পৰিস্থিতি শিকোৱা হোৱা নাই ?’

মধ্য প্ৰদেশৰ সমাধিক্ষেত্ৰ শ্মশানত শাৰী পাতি মৃতদেহ । স্থানীয় বাসিন্দাসকলে ঘটনাটোক ১৯৮৪ চনৰ ভূপাল গেছ ট্ৰেজেডীৰ স’তে তুলনা কৰিছে। তেওঁলোকৰ বহুতে কয় যে ভূপাল গেছ ট্ৰেজেডীৰ পাছত এইটো প্ৰথম বাৰৰ বাবে যে মৃতদেহৰ এটা শাৰী সৎকাৰ কৰা হৈছে।

Exit mobile version