ৰাজ্যত কৰ’নাৰ দ্বিতীয়টো ঢৌ, পথচাৰীক মাস্ক বিতৰণ এবিএমছুৰ

WhatsApp Image 2021 04 21 at 5.55.36 PM

দেশৰ বিভিন্ন ৰাজ্যৰ লগতে কৰ’নাৰ দ্বিতীয়টো ঢৌৰ প্ৰভাৱ পৰিছে অসমতো ৷ তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাজ্যৰ প্ৰশাসনে নিৰ্ধাৰণ কৰিছে কৰ’নাকলৈ বিশেষ নীতি নিয়ম ৷

ৰাজহুৱা স্থানত বাধ্যতামূলক কৰিছে মাস্ক পৰিধান কৰাটো ৷ অন্যথা প্ৰশাসনে বিহিছে এহেজাৰ টকাকৈ জৰিমনা ৷ ইয়াৰ মাজতে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ এবিএমছুই কাটাঝাৰ কাহিতামা পথৰ দোমনী ঘাটত আজি মাস্কবিহীন পথচাৰীক বিতৰণ কৰে মাস্ক ৷

এবিএমছুৰ শালবাৰী জিলা সমিতিৰ সভাপতি ছাইজুদ্দিন খণ্ডকাৰৰ উদ্যোগত মাস্কসমূহ বিতৰণ কৰাৰ লগতে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰে ৷ উল্লেখ্য যে পূৰ্বৰে পৰা এবিএমছুৱে এনেধৰণৰ বিভিন্ন জলকল্যাণমূলক কাৰ্যসূচী হাতত লৈ আহিছে৷

Exit mobile version