বকোত অব্যাহত চোৰাং কাঠৰ বেহা

বন বিভাগে জব্দ কৰে কাঠ ভৰ্তি টাটা ডিআই

WhatsApp Image 2021 04 22 at 4.13.57 PM

মাফিয়া কায়দাৰে একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে চোৰাং কাঠৰ সৰবৰাহ । ইয়াৰ মাজতে বকোত বন বিভাগৰ অভিযান ।

নিশা অভিযান চলাইছিল বকোস্থিত শিংৰা বন বিভাগে । অভিযানত কাঠ ভৰ্তি নাম্বাৰ প্লেট বিহীন এখন টাটা ডিআই জব্দ আৰু চালক ফাৰুক আলীক আটক ।

বনবিভাগৰ সূত্ৰ মতে, মেঘালয় দিশৰ পৰা সৰবৰাহ কৰা হৈছিল কাঠৰ কুণ্ডাসমূহ । চোৰাং কাঠ বেপাৰী বাছুৰ আলীয়ে সৰবৰাহ কৰিছিল কাঠৰ কুণ্ডাখিনি ।

উল্লেখ্য, বন বিভাগৰ চকুত ধূলি দিবলৈ চোৰাং কাঠ বেপাৰীসকলে এটা নিশাত পাঁচশ টকা হাজিৰাৰে নিয়োগ কৰে খবৰদাতাসলক । খবৰদাতাসকলে ওৰে নিশা বকো ১৭নং ৰাষ্টীয় ঘাইপথৰ তিনিআলি অথবা চাৰিআলিত তহল দি বন বিভাগৰ গতি-বিধি লক্ষ্য কৰে । পলে পলে বন বিভাগৰ গতি-বিধি উমান লৈ অনায়াসে চোৰাং কাঠ ব্যৱসায়ীয়ে চলাই গৈছে চোৰাং কাঠৰ বেহা।

Exit mobile version