আজি কেন্দ্ৰই ঘোষণা কৰে যে, কৰ’না ৰোগীসকলৰ চিকিৎসাত অক্সিজেন সংকটৰ স’তে যুঁজ দিবলৈ অক্সিজেন চিলিণ্ডাৰৰ ওপৰৰ পৰা আমদানি আৰু স্বাস্থ্য স্বত্ব পৰিহাৰ কৰা হৈছে । ফলত হ্ৰাস হ’ল অক্সিজেন চিলিণ্ডাৰৰ মূল্য । কেন্দ্ৰই এক বিবৃতিত জনায় যে, আগন্তুক তিনি মাহ পৰ্যন্ত স্বত্ব পৰিহাৰ কৰা হৈছে । অক্সিজেনৰ লগতে বিদেশৰ পৰা আমদানি কৰা কৰ’না প্ৰতিষেধকতো স্বত্ব পৰিহাৰ কৰা হৈছে ।
দেশৰ কৰ’না পৰিস্থিতি সন্দৰ্ভত আজি এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । সেই বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে, অক্সিজেন চিলিণ্ডাৰৰ ক্ষেত্ৰত ১২ শতাংশ পণ্য পৰিসেৱা কৰৰ সম্পূৰ্ণ স্বত্ব পৰিহাৰ কৰা হ’ব । লগতে অক্সিজেন সৰবৰাহকাৰী চিকিৎসা সৰঞ্জাম আৰু কৰ’নাৰ প্ৰতিষেধকৰ আমদানিতো স্বত্ব পৰিহাৰ ঘোষণা কৰা হৈছে । চিকিৎসাত ব্যৱহাৰ কৰা অক্সিজেন, অক্সিজেন কনছেনট্ৰেটৰ, ফ্লো মিটাৰ, ৰেগুলেটৰ, কানেক্টৰসহ একাধিক সৰঞ্জাম ।
সম্প্ৰতি ৰেমডেচিভি কৰ’না প্ৰতিষেধকৰ স্বত্ব পৰিহাৰ কৰা হৈছিল । দেশজুৰি কৰ’না ৰোগীসকলৰ চিকিৎসাত দিল্লীসহ একাধিক ৰাজ্যত অক্সিজেনৰ সংকটে চৰম পৰ্যায় পাইছে । কেন্দ্ৰৰ এই সিদ্ধান্তই সেই সংকট কিছু পৰিমাণে হ’লেও হ্ৰাস কৰিব ।
কেন্দ্ৰীয় চৰকাৰৰ এক বিবৃতি অনুসৰি, প্ৰধানমন্ত্ৰীয়ে সম্প্ৰতি ৰেমডেচিভি আৰু ইয়াৰ এপিআই-ৰ পৰা সাধাৰণ আমদানি স্বত্ব পৰিহাৰ কৰা হৈছে বুলি ঘোষণা কৰিছে । লগতে কৰ’না ৰোগীসকলক অক্সিজেন দিবলৈ ব্যৱহৃত সৰঞ্জামবোৰতো স্বত্ব পৰিহাৰ কৰা প্ৰয়োজন আছিল । অক্সিজেনৰ চাহিদা হ্ৰাস কৰিবলৈ আৰু ইয়াৰ উৎপাদন বৃদ্ধি কৰিবলৈ অক্সিজেন চিলিণ্ডাৰসহ ১৬ টা চিকিৎসা সৰঞ্জামৰ পৰা আমদানি আৰু স্বাস্থ্য স্বত্ব সম্পূৰ্ণ পৰিহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।’