কৰ’না কালত মানুহক সাহাৰ্যৰ হাত আগবঢ়ালে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে

nationalherald 2021 02 23b6b312 24c6 4432 b4de 5ad6762cb06e rhea

পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে মহামাৰী কৰ’নাই । এই কঠিন সময়ছোৱাত মানুৰ কাষত থিয় দিয়াৰ বাৰ্তা বলীউডৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ।

শুক্ৰবাৰে ইনষ্টাগ্ৰামত এটা স্তৰী প’ষ্ট কৰিছে ৰিয়াই । তেওঁ লিখিছে, “একতাৰ বাবে এটা কঠিন সময়ৰ প্ৰয়োজন। যাক সহায় কৰিব পাৰে কৰক । সৰু বা ডাঙৰ, সহায়টো সহায়ে হয়। মোক মেছেজ দি জনাওক যে মই আপোনাক কোনো ধৰণে সহায় কৰিব পাৰো নেকি। মই যথাসাধ্য চেষ্টা কৰিম। নিজৰ যত্ন ৰাখক ।’ কঠিন সময়ত প্ৰেম আৰু সাহসৰ বাৰ্তাও প্ৰদান কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

প্ৰেমিক সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত ৰিয়াক সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ট্ৰ’ল, মিম আৰু কটাক্ষ কৰিছিল ৰিয়াক । আনকি ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামত অভিনেত্ৰীগৰাকীৰ পৰিয়ালকো শিক্ষাক লৈ প্ৰশ্ন কৰিছিল সামাজিক মাধ্যমত ।

অথচ, এইবাৰ ৰিয়াই সেই সামাজিক মাধ্যমই ব্যৱহাৰ কৰি জনসাধাৰণক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ।

Exit mobile version