ক’ভিড সংকটক লৈ চৰকাৰৰ সমালোচনা কৰা ৫২ টা টুইটাৰ হেণ্ডল নিষিদ্ধ কৰিলে কেন্দ্ৰই

112236461 gettyimages 1209519827

কৃষক আন্দোলনৰ ‌পাছত এইবাৰ ক’ভিড সংকটক লৈ কৰা টুইটত চৰকাৰী নিষেধাজ্ঞা । ন’ভেল কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ লগতে বৃদ্ধি পাইছে মৃত্যুৰ হাৰো । ইয়াকে লৈ সাংসদৰ পৰা বিধায়ক, অভিনেতাৰ পৰা পৰিচালক সকলোৱে মাইক্ৰ’ব্লগিং ছাইটত চৰকাৰৰ ব্যৰ্থতাক লৈ মুখ খুলিছে । বিষয়টো প্ৰত্যক্ষ্যত অহাৰ পাছতেই টুইটাৰ কৰ্তৃপক্ষৰ স’তে যোগাযোগ কৰে কেন্দ্ৰীয় চৰকাৰে । তেওঁলোকে টুইটাৰক জাননী দিয়ে যে, এনেধৰণৰ টুইট দেশৰ তথ্য প্ৰযুক্তি আইনৰ পৰিপন্থী । ইয়াৰ পাছতেই টুইটাৰত চৰকাৰৰ সমালোচনাত লিখা মুঠ ৫২ টা টুইট নিষিদ্ধ কৰা হয় ।

এই বিষয়ত চৰকাৰৰ তৰফৰ পৰা দিল্লীৰ এক সূত্ৰ‌ই জনায় যে, ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ ব্যৰ্থ হৈছে বুলি কোৱাৰ বাবে নহয়, পুৰণি ফটোৰে ভুৱা খবৰ প্ৰচাৰ কৰাৰ বাবে আৰু সাধাৰণ মানুহৰ মাজত আতংকৰ সৃষ্টি কৰাৰ বাবে টুইটবোৰ নিষিদ্ধ কৰা হৈছে । মানুহক বিভ্ৰান্ত কৰা হৈছিল ।

নিষিদ্ধ কৰা টুইটাৰ হেণ্ডলৰ ভিতৰত আছে পশ্চিমবংগৰ শ্ৰম মন্ত্ৰী মলয় ঘটক, সাংসদ ৰেবানাথ ৰেড্ডি, অভিনেতা বিনীত কুমাৰ সিং, চিত্ৰ নিৰ্মাতা বিনোদ কাপৰি আৰু অবিনাশ দাস । ক’ভিড পৰিস্থিতিত হাস্পতালত বিছনাৰ অভাৱ, অক্সিজেন, ঔষধৰ নাটনি, কুম্ভমেলাত জনসমাগমৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সমালোচনা কৰি টুইট কৰিছিল তেওঁলোকে ।

শ্ৰম মন্ত্ৰী মলয়ে লিখে, ‘যিদৰে অতিমাৰীক লঘু কৰি দেখাবলৈ চেষ্টা কৰিছে, দেশৰ জনসাধাৰণক প্ৰাধান্য দিয়াৰ পৰিৱৰ্তে অন্য দেশত প্ৰতিষেধক সৰবৰাহ কৰা হৈছে, ইয়াৰ বাবে দেশে প্ৰধানমন্ত্ৰীক ক্ষমা নকৰিব ।’

এই বিষয়ত টুইটাৰে প্ৰকাশ্যত কোনো মন্তব্য কৰা নাই । অৱশ্যে যিসকলৰ টুইটাৰ নিষিদ্ধ কৰা হৈছে তেওঁলোকক এই জাননী প্ৰেৰণ কৰিছে সংস্থাটোৱে । জাননী অনুসৰি, ভাৰত চৰকাৰৰ নিৰ্দেশত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । তেওঁলোকে চৰকাৰৰ দুহেজাৰ বৰ্ষীয় তথ্যপ্ৰযুক্তি আইন উলংঘা কৰিছে ।

Exit mobile version