বিগত বৰ্ষত গুজৰাটৰ আহমেদাবাদৰ বাসিন্দা ৰছিক মেহতা আৰু কল্পনা মেহতাৰ পুত্ৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয়। তেতিয়াই তেওঁলোকে পুত্ৰৰ ভৱিষ্যতৰ বাবে ৰখা ফিক্সড ডিপজিট ভাঙি আনক সহায় কৰাৰ সিদ্ধান্ত লয়। এনেদৰেই তেওঁলোকে কাম কৰা আৰম্ভ কৰে।
তথ্য অনুসৰি তেওঁলোকে হোম কোৱাৰেন্টাইনত থকা ২০০ৰো অধিক ৰোগীক পিপিই কিট, খাদ্য আৰু অন্যান্য লাগতিয়াল বস্তু দি সহায় কৰিছে । ৩০০ তকৈও অধিক লোকৰ টিকাকৰণৰ দায়িত্ব লৈছে দম্পতীহালে |
ইয়াৰ উপৰিও কৰ’না ৰোগীসকলক চিকিৎসালয়লৈ লৈ যোৱাত সমস্যাৰ সন্মুখীন নহবলৈ তেওঁলোকৰ গাড়ীও ব্যৱহাৰ কৰিবলৈ অনুমতি দিছে ।
ঘটনাটো পোহৰলৈ অহাৰ পাছতেই তেওঁলোকক সামাজিক মাধ্যমত প্ৰশংসাৰে উপচাই দিয়া হৈছে । তেওঁলোকৰ একমাত্ৰ পুত্ৰৰ মৃত্যুৰ পাছত, আন কৰ’নাত আক্ৰান্ত ৰোগীসকলক সহায় কৰিবলৈ আগবাঢ়ি অহাৰ বাবে সকলোৱে তেওঁলোকক অভিনন্দন জনাইছে ।