বুধবাৰে পুৱাই ছটাকৈ ভূঁইকপে জোকাৰি গ’ল অসম| প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৬.৪। দ্বিতীয়, তৃতীয়, চতুৰ্থ ,পঞ্চম আৰু ষষ্ঠটো ভূমিকম্পৰ প্ৰাবল্য আছিল ক্ৰমে ৪.৭, ৪, ৩.৬ আৰু ৩.৬, ৩. ২ |
৭.৫১.২৫ বজাত অহা প্ৰথমটো ভূমিকম্পকে ধৰি পাঁটা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ আৰু অন্তিমটো নগাঁৱত | ৮.৩ বজাত দ্বিতীয়, ৮. ১৩ তৃতীয়, ৮.২৫ত চতুৰ্থ, ৮.৪৪ বজাত পঞ্চম আৰু ১০. ৫ ত জোকাৰণিৰ ঘনীভূত হয় |
এই ভূমিকম্পত ৰাজধানী মহানগৰীকে ধৰি ভিন্ন স্থানত বিস্তৰ ক্ষতিসাধন হোৱা খবৰ আহিছে। গণেশগুৰিৰ প্ৰটেক টাৱাৰ, বি কে টাৱাৰ, দিছপুৰ হাস্পতাল, খানাপাৰাৰ হোটেল তাজ ভিভ্ৰান্তা, বৰবৰী সতী সাধনী ভৱনকে ধৰি মহানগৰীৰ বহু স্থানত বাসগৃহ ফাঁট মেলা, দেৱাল খহি পৰাৰ খবৰ আহিছে | ভুমিকম্পৰ ফলত অসমৰ জনপ্ৰিয় বনভোজস্থলী ভৈৰৱকুণ্ডৰ পাহাৰখনৰ কিছু অংশ খহি পৰিল |







