কেন্দ্ৰ আৰু ৰাজ্যৰ প্ৰতিষেধকৰ মূল্যত বিভেদ কিয় ?

কেন্দ্ৰক প্ৰশ্ন কৰিলে উচ্চতম ন্যায়ালয়ে

Supreme courtofIndia 630x381 2

দেশক কৰ’নামুক্ত সংকল্প লৈছে চৰকাৰে । তেন্তে কেন্দ্ৰ আৰু ৰাজ্যৰ প্ৰতিষেধৰ মূল্যৰ মাজত পাৰ্থক্য কিয় ? মোদী চৰকাৰক উদ্দেশ্যি প্ৰশ্ন উত্থাপন কৰিলে উচ্চতম ন্যায়ালয়ে । লগতে কোন ৰাজ্য‌ই প্ৰথমে প্ৰতিষেধক লাভ কৰিব কোন ৰাজ্য‌ই পাছত, সেয়া কি ভিত্তিত নিৰ্ধাৰণ কৰা হৈছে তাৰো উত্তৰ বিচাৰিলে ন্যায়ালয়ে ।

অতিমাৰী পৰিস্থিতিত চূড়ান্ত দুৰ্ব্যৱস্থাক লৈ পূৰ্বেই স্বতঃস্ফূৰ্ত গোচৰ দাখিল কৰিছে শীৰ্ষ ন্যায়ালয়ে । শুকুৰবাৰে গোচৰটোৰ শুনানি চলাকালীন প্ৰতিষেধকৰ মূল্যক লৈ কেন্দ্ৰক তীব্ৰ ভৰ্তসনা কৰে ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড় নেতৃত্বাধীন ডিভিছন বেঞ্চে । প্ৰতিষেধকৰ মূল্যৰ পৰা বণ্টন, ক্ৰয় প্ৰক্ৰিয়া সকলোতেই বৈষম্য কিয়, প্ৰশ্ন কৰিলে ন্যায়ালয়ে ।

মূল্য বিভেদ সন্দৰ্ভত কেন্দ্ৰক উদ্দেশ্যি ন্যায়ালয়ে কয়, ‘আপোনালোকৰ পৰা ১৫০ টকা আৰু ৰাজ্যসমূহৰ পৰা তিনিশ-চাৰিশ টকা লৈছে প্ৰতিষেধক প্ৰস্তুতকাৰী সংস্থাবোৰে । দেশৰ নাগৰিক হিচাপে আমি এই বিভেদ কিয় মানি ল’ম ? আমি একো নিৰ্দেশ দিয়া নাই, কিন্তু আপোনালোকে বিষয়টো বিবেচনা কৰি চোৱা উচিত ।’ আমেৰিকাত অষ্ট্ৰাজেনেকাতকৈও কম মূল্যত প্ৰতিষেধক বিক্ৰী কৰিছে বুলি মন্তব্য কৰে ন্যায়ালয়ে ।

এক মে’ৰ পৰা দেশত ১৮ ৰ ঊৰ্ধ্বৰ সকলৰ টিকাকৰণ আৰম্ভ হ’ব । ইতিমধ্যে কেন্দ্ৰতকৈ অধিক মূল্যত প্ৰতিষেধক ক্ৰয় কৰাৰ সামৰ্থ্য নাই বুলি জনাইছে বহু ৰাজ্য‌ই । সেয়ে ৰাজ্যসমূহৰ বাবে প্ৰতি প্ৰতিষেধকৰ মূল্য চাৰিশ টকাৰ পৰা কম কৰি তিনিশ টকা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ছেৰাম ইনষ্টিটিউটৰ চিইঅ’ আদৰ পুনাৱালাই । ভাৰত বায়’টেকে প্ৰতি প্ৰতিষেধকৰ মূল্য ছশ টকাৰ পৰা কম কৰি চাৰিশ টকা কৰে । বেচৰকাৰী হাস্পতালবোৰে ছশ টকাত ক’ভিশ্বিল্ড ক্ৰয় কৰিব লাগিব । ক’ভেক্সিন ১২০০ টকাত ক্ৰয় কৰিব লাগিব ।

প্ৰস্তুতকাৰী সংস্থাবোৰৰ পৰা ৫০ শতাংশ প্ৰতিষেধক ক্ৰয় কৰি ৰাজ্যসমূহক বিনামূল্যে দিয়া হ’ব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে । বাকী ৫০ শতাংশ ৰাজ্যসমূহে নিজৰ কোষাগাৰৰ পৰাই ক্ৰয় কৰিব লাগিব । এই বিষয়টো প্ৰশ্ন উত্থাপন কৰি ন্যায়াধীশসকলে কয়, ‘কেন্দ্ৰ‌ই নিজে কিয় এশ শতাংশ প্ৰতিষেধক ক্ৰয় কৰা নাই ? কাৰণ ইয়াৰ দ্বাৰাই সমভাৱে প্ৰতিষেধক বণ্টন হ’ব । যি ৫০ শতাংশ কেন্দ্ৰ‌ই দিব, সেইটো কেতিয়া দিয়া হ’ব, কাক আগতে দিয়া হ’ব, তাক লৈ কোনো ঘোষণা কৰা নাই কিয় ? কেন্দ্ৰ বা ৰাজ্য‌ যিয়েই প্ৰতিষেধক ক্ৰয় নকৰক কিয়, সেয়া সাধাৰণ মানুহৰ বাবে ক্ৰয় কৰা হৈছে । এই ক্ষেত্ৰত পৃথক পৃথক মূল্য কিয় ?’

১৮ বছৰৰ ঊৰ্ধ্বৰ পৰা ৪৫ বছৰ বয়সৰ সকলক সাৰ্বিক টিকাকৰণৰ ঘোষণা কৰা হৈছে যদিও, এই বয়সৰ মানুহৰ সংখ্যা কিমান, সেই বিষয়টো কোনো সঠিক তথ্য নাই কিয় ? কেন্দ্ৰ‌ই অনলাইনত টিকাকৰণৰ বাবে যি নিয়ম বান্ধি দিছে, তাত অশিক্ষিত লোকসকলে কেনেকৈ নাম নথিভুক্ত কৰিব তাক লৈও প্ৰশ্ন কৰিছে ন্যায়ালয়ে ।

Exit mobile version