প্ৰতিষেধক নাই দিল্লীত, অনাগত দিনত প্ৰতিষেধকৰ বাবে শাৰী নাপাতিবলৈ অনুৰোধ কেজৰিৱালৰ

20210422086L 1619170779151 1619170807401

দিল্লী প্ৰতিষেধক শূণ্য । সেয়ে অহেতুক কোনো লোককে প্ৰতিষেধক কেন্দ্ৰৰ সন্মুখত শাৰী নাপাতিবলৈ অনুৰোধ জনায় মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।

শনিবাৰৰ পৰাই দেশজুৰি ১৮ বছৰৰ ঊৰ্ধ্বৰ সকলোকে টিকাকৰণ আৰম্ভ কৰা হ’ব । সম্প্ৰতি দিল্লীত প্ৰতিষেধক উপলব্ধ নাই । সেয়ে আজি দিল্লীবাসীক উদ্দেশ্যি টুইট কৰি মুখ্যমন্ত্ৰী কেজৰিৱালে অনুৰোধ কৰে, ‘প্ৰতিষেধক কেন্দ্ৰত শাৰীপাতি অহেতুক ভিৰ নবঢ়াব ।’ দিল্লীত প্ৰতিষেধক উপলব্ধ হ’লেই তেওঁ সকলোকে জনাব ।

বিগত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক তিনি মাহৰ ভিতৰত ১৮ বছৰৰ ঊৰ্ধ্বৰ সকলো দিল্লীবাসীকে প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি জনাইছিল । সেই অনুযায়ী তেওঁলোকে পৰিকল্পনাও কৰিছিল । পৰিকল্পনা অনুযায়ী ছেৰাম ইনষ্টিটিউটৰ স’তে আলোচনাও হৈছে । প্ৰথম পৰ্যায়ত দিল্লীক তিনি লাখ ক’ভিশ্বিল্ড ড’জ প্ৰদান কৰাৰ কথা । পাছত আৰু ৫০ লাখ ড’জ অৰ্ডাৰ কৰা হৈছে ছেৰামৰ পৰা । কিন্তু এতিয়া দিল্লী প্ৰতিষেধক শূণ্য ।

সেয়ে দিল্লীবাসীক আশ্বস্ত কৰিবৰ বাবে মুখ্যমন্ত্ৰী কেজৰিৱালে আজি পুৱাই টুইট কৰি কয়, ‘সংস্থাৰ স’তে আমাৰ নিয়মিত যোগাযোগ হৈ আছে । এই পৰ্যন্ত প্ৰতিষেধক লাভ কৰা নাই । আগন্তুক এক-দুই দিনত প্ৰতিষেধক উপলব্ধ হ’ব বুলি আমি আশাবাদী । তেওঁলোকে প্ৰথমে ক’ভিশ্বিল্ডৰ তিনি লাখ ড’জ প্ৰেৰণ কৰাৰ আশ্বাস দিছে ।’

Exit mobile version