ক’ভিড আক্ৰান্ত হৈ মৃত্যু ‘শ্বুটাৰ দাদী’, ৮৯বয়সত মৃত্যু চান্দ্ৰো টোমৰৰ

Screenshot 2021 04 30T154703.395

ক’ভিডত আক্ৰান্ত হৈ শুকুৰবাৰে মৃত্যু হয় শ্বুটাৰ চান্দ্ৰো টোমৰৰ । বলীউডৰ চিনেমাত তেওঁক ‘শ্বুটাৰ দাদী’ বুলি জনা যায়। তেওঁৰ বয়স আছিল ৮৯ বছৰ।

উত্তৰ প্ৰদেশৰ বাঘপত জিলাৰ বাসিন্দা চন্দ্ৰো ২৭ এপ্ৰিলত কৰ’নাত আক্ৰান্ত হয় । তেতিয়াৰ পৰাই তেওঁ মেৰঠ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। শুক্ৰবাৰে মেৰঠ চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।

কেন্দ্ৰীয় চৰকাৰে চান্দ্ৰোৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এটা টুইটযোগে লিখিছে, ” লিংগ বৈষম্য আৰু মহিলাৰ অধিকাৰক লৈ সৰব শ্ৰীমতী চন্দ্ৰো তমাৰ আৰু নাই ।

তেওঁ অনুৰাগীসকলৰ বাবে ‘শ্বুটাৰ দাদী’ হিচাপে পৰিচিত আছিল। তেওঁ পুৰুষত্বক সাহসী ধৰণে প্ৰত্যাহ্বান জনোৱা আৰু শ্বুটিংক কেৰিয়াৰ হিচাপে গঢ়ি তুলিছিল, সেইয়া বহু প্ৰজন্মক অনুপ্ৰাণিত কৰিব। তেওঁৰ পৰিয়াললৈ সমবেদনা’।

বলীউডৰ অভিনেতা তাপসী পান্নু আৰু ভূমি পেডনেকাৰো চান্দ্ৰোৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁলোকক ২০১৯ চনত চন্দ্ৰোৰ কাহিনীৰ বিষয়ে ‘ছন্দ কি আঁখ’ চলচ্চিত্ৰত দেখা গৈছিল।

৩০ খনতকৈও অধিক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা চান্দ্ৰোলৈ তাপসীৰ টুইটত কোৱা হৈছে, ‘আপুনি সদায় অনুপ্ৰেৰণাদায়ক… আপুনি সকলো ছোৱালীৰ মাজত থাকিব আৰু তেওঁলোকক জীয়াই থকাৰ আশা দিব’। তাপসীয়ে চন্দ্ৰোক ‘আটাইতকৈ আকৰ্ষণীয় ৰকষ্টাৰ’ বুলিও উল্লেখ কৰিছে। ইয়াৰ পাছতে ভূমিয়ে লিখিছে, ‘এনে লাগিছে যেন মোৰ এটা অংশ নাইকিয়া হৈ গৈছে’।

Exit mobile version