ৰাজ্যবাসীক কৃতজ্ঞতা জ্ঞাপন ৰাজ্যিক বিজেপিৰ সভাপতি দাসৰঃ এই মৰম আৰু আশীৰ্বাদ শিৰত লৈ অসমক ক্ষীপ্ৰ উন্নয়নৰ দিশে আগুৱাই নিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ

1600x960 153308 ranjit kumar das

নিশ্চিত বিজয় লাভ কৰাতো চুড়ান্ত হোৱাৰ পাছতে ৰাজ্যবাসীক কৃতজ্ঞতা জ্ঞাপন কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে |

তেওঁ কয়, “ৰাইজৰ আশীৰ্বাদত দ্বিতীয়বাৰৰ বাবে নিৰংকুশ বিজয় লাভ কৰাৰ এই শুভক্ষণত অসমবাসী ৰাইজক সশ্ৰদ্ধ সেৱা জনাইছোঁ ৷ ৰাইজৰ এই মৰম আৰু আশীৰ্বাদ শিৰত লৈ অসমক ক্ষীপ্ৰ উন্নয়নৰ দিশে আগুৱাই নিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ ৷
অসমবাসী ৰাইজৰ আশীষ আৰু অফুৰন্ত চেনেহৰ বলত পুনৰ অসমত বিজেপি মিত্ৰজোঁটে নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠনৰ আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈ আগবাঢ়িছে।

এই শুভ ক্ষণত আমাৰ প্ৰতি ৰাইজে প্ৰদান কৰা অলেখ-অযুত স্নেহ আৰু সহৃদয় আশীষৰ বাবে মই অসমবাসী ৰাইজক শত কোটি প্ৰণাম কৰিছোঁ, সহৃদয় কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।দলৰ ৰাষ্ট্ৰীয়, ৰাজ্যিক নেতৃত্ব সহিতে দলৰ প্ৰতিজন কাৰ্যকৰ্তাৰ অপৰিসীম ত্যাগ, সু-পৰামৰ্শৰ বলত আজি দলে লাভ কৰা এই শুভ ফলাফলৰ শুভক্ষণত প্ৰতিজনকে দলৰ সভাপতি হিচাপে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।

ৰাজ্যবাসীয়ে অম্লান বদনে আমাৰ পক্ষে প্ৰদৰ্শন কৰা সমৰ্থন আৰু স্নেহে ভৰা আশীষ শিৰত লৈ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে দুগুণ উৎসাহেৰে, পৰম নিষ্ঠাৰে ৰাইজৰ আশা-আকাংক্ষাক সাকাৰ ৰূপ দিবলৈ বদ্ধপৰিকৰ। অসমবাসী ৰাইজৰ স্নেহ আৰু স্বাভিমানী সত্তাক আমাৰ অম্লান প্ৰেৰণা হিচাপে লৈ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে আমি অবিৰতভাৱে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।”

Exit mobile version