মৰ্মান্তিক ! অক্সিজেনৰ সেৱা বন্ধ হৈ মাত্ৰ দুই ঘণ্টাত ২৪ ৰোগীৰ মৃত্যু

Corona outbreak 20200530 402 602

মাত্ৰ দুই ঘণ্টাৰ ভিতৰত মৃত্যু ২৪ জন ৰোগীৰ । মৃত্যু হোৱাৰ লোকৰ মাজত আছিল কৰ’না ৰোগীও। আজিৰ দিনটোত, অক্সিজেন যোগান ব্যাহত হোৱাৰ ফলত অকাল মৃত্যু হয় সকলোৰে । কৰ্ণাটকৰ চামৰাজনগৰ জিলা চিকিৎসালয়ত এই শোকাৱহ ঘটনাটো সংঘটিত হয়। জিলা প্ৰশাসনে অৱশ্যে অক্সিজেন সেৱা ব্যাহত হোৱাটো অস্বীকাৰ কৰিছিল।

চিকিৎসালয় কৰ্তৃপক্ষই কয় যে আজিৰ দিনটোত চামৰাজনগৰ জিলা চিকিৎসালয়ত ১৪৪ জন ৰোগী চিকিৎসাধীন হৈ আছিল। তেওঁলোকৰ বহুতে অক্সিজেনৰ ছাপোৰ্টত আছিল। আজিৰ দিনটোত, হঠাতে অক্সিজেন সেৱা বন্ধ হোৱাৰ ফলত ২৪ জন ৰোগীৰ মৃত্যু হয়।আৰু ইয়াৰে বহুতো ৰোগীৰ নিশা ১২ বজাৰ পৰা দিনৰ দুই বজাৰ ভিতৰত মৃত্যু হয়।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাই ঘটনাটোত শোক প্ৰকাশ কৰিছে। লগতে এনে কৰুণ ঘটনা কেনেকৈ সংঘটিত হৈছিল তাৰ সঠিক তদন্তৰ নিৰ্দেশ দিছে। ৰাজ্যৰ গৃহ মন্ত্ৰী বাসবৰাজা বম্মাই আৰক্ষীৰ ডিজিপি-আইজিপি প্ৰবীণ সুদক যিমান সম্ভৱ সোনকালে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। পৰৱৰ্তী পদক্ষেপটো সেই প্ৰতিবেদনৰ ওপৰত আধাৰিত কৰি নিৰ্ধাৰণ কৰা হ’ব।

Exit mobile version